গুৱাহাটী, 4 জুনঃ আপুনিও নিশ্চয় ব্যৱহাৰ কৰে এটিএম ! তেন্তে সাৱধান হওক ৷ যোৱা ৩০ মে'ত জু ৰোড তিনিআলিৰ নিবাসী অপূৰ্ব কলিতা নামৰ এগৰাকী লোকে বজাৰ কৰিবলৈ যাওতে ৱাই ফাই এটিএম কাৰ্ডখন হেৰুৱাইছিল ৷ কাৰ্ড খন হেৰুওৱাৰ কিছু সময়ৰ পাচৰ পৰাই অপূৰ্ব কলিতাৰ মোবাইলত আহিবলৈ আৰম্ভ কৰে টকা উলিওৱাৰ মেছেজ ৷ গীতানগৰৰ ভাই ভাই ষ্টোৰত সামগ্ৰী ক্ৰয় কৰাৰ বাবদ টকা উলিওৱাৰ মেছেজ আহিছিল ভুক্তভোগী লোকজনৰ মোবাইলত ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী লোক জনে গীতানগৰ আৰক্ষী চকীত এটা ৰুজু কৰে গোচৰ ৷
কিন্তু দোকানখনত থকা চিচি কেমেৰাত আবদ্ধ হৈছিল অভিযুক্ত লোকজনৰ সমগ্ৰ দৃশ্য ৷ পিচদিনা পুনৰ লোকজন সেই দোকানখনলৈ আহে আৰু ইতিমধ্যেই অভিযুক্ত জনৰ চেহেৰা চিচি কেমেৰাত দেখি দোকানৰ কৰ্মচাৰীয়ে তৎক্ষণাৎ চিনি পাই ভুক্তভোগী লোকজনক খবৰ দিয়ে ৷ কিন্তু ভুক্তভোগী লোকজন সেই স্থানলৈ আহি পোৱাৰ পূৰ্বেই দোকান খনৰ পৰা ওলাই যায় অভিযুক্ত জন ৷ ভুক্তভোগী লোকজনে দোকানখনলৈ গৈ চিচিটিভি কেমেৰাত অভিযুক্ত লোকজনে অনা গাড়ীখনৰ নম্বৰ সংগ্ৰহ কৰি পিচে পিচে তেখেতক অনুসৰণ কৰে ৷ সেই সময়তে তেখেতৰ বন্ধু এগৰাকীক খবৰ দিয়াত তেওঁ অভিযুক্ত লোকজনক জোনালী এছবিআই বেংকৰ সন্মুখত আটক কৰিবলৈ সক্ষম হয় ৷