অসম

assam

ETV Bharat / state

ন-মাইলস্থিত অংকুৰ ভাৰত গেছ এজেঞ্চিৰ বিৰুদ্ধে ক্ষুব্ধ গ্ৰাহক - অংকুৰ ভাৰত গেছ এজেঞ্চিৰ বিৰূদ্ধে সৰৱ হৈ পৰিল গ্ৰাহক

ৰন্ধন গেছৰ বাবে গ্ৰহকক মাধমাৰ শোধাই অহা অংকুৰ গেছ এজেঞ্চিত ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হোৱাৰ পাছত স্বত্বাধিকাৰীৰ সুৰ সলনি লগতে সকাহ পালে গ্ৰাহক ৰাইজে

ন-মাইলস্থিত অংকুৰ ভাৰত গেছ এজেঞ্চিৰ বিৰূদ্ধে সৰৱ হৈ পৰিল গ্ৰাহক

By

Published : Sep 26, 2019, 11:24 PM IST

গুৱাহাটী, 26 ছেপ্টেম্বৰ: ন-মাইলস্থিত অংকুৰ ভাৰত গেছ এজেঞ্চিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল গ্ৰাহক । অভিযোগ অনুসৰি অংকুৰ ভাৰত গেছ এজেঞ্চীয়ে বহু দিন ধৰি ৰন্ধন গেছৰ নাটনিৰ অজুহাত দেখুৱাই ৰাম ঠগন দি আহিছিল গ্ৰাহকক । গেছ বুকিং কৰিও বিগত তিনি-চাৰি দিন ধৰি ৰন্ধন গেছৰ বাবে আহিও ঘূৰি যাব লগা হৈছিল গ্ৰাহক । প্ৰতি দিনে 30 টাকৈ ৰন্ধন গেছ গ্ৰাহকক দি 150 টা ৰন্ধন গেছ সোণাপুৰ, কলংপাৰ, বৰ্ণিহাট, খানাপাৰা আদি অঞ্চললৈ পঠোৱাৰ কথা গম পাই সৰৱ হৈ পৰে গ্ৰাহকসকল । সাধাৰণ গ্ৰাহক লগতে প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ মহিলা গ্ৰাহক সকলো ৰন্ধন গেছৰ বাবে আহি ঘূৰি যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ।
ই টিভিৰ সংবাদিক উপস্থিত হোৱাৰ পাছত স্বত্বাধিকাৰীয়ে সাংবাদিকৰ আগত কয় যে, প্ৰতি দিনে তেওঁলোকে 30 টাকৈ ৰন্ধন গেছ গ্ৰাহকক যোগান ধৰি আহিছিল যদিও আজিৰ এই ঘটনাৰ পাছত প্ৰতিদিনে 180টাকৈ ৰন্ধন গেছ যোগান ধৰিব অংকুৰ গেছ এজেঞ্চীয়ে ৷

ন-মাইলস্থিত অংকুৰ ভাৰত গেছ এজেঞ্চিৰ বিৰূদ্ধে সৰৱ হৈ পৰিল গ্ৰাহক

ABOUT THE AUTHOR

...view details