অসম

assam

By

Published : Oct 16, 2020, 8:01 PM IST

ETV Bharat / state

মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল বৃদ্ধিত অনিশ্চয়তা

কুমাৰ সঞ্জয় কৃষ্ণক পুনৰ ছমাহৰ বাবে কাৰ্যকাল বৃদ্ধি কৰি মুখ্য সচিব পদত অধিস্থিত কৰি ৰখা নৰখাক কেন্দ্ৰ কৰি দিছপুৰত আৰম্ভ হৈছে এক নতুন জোকাৰণি ।

মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল বৃদ্ধিত অনিশ্চয়তা
মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল বৃদ্ধিত অনিশ্চয়তা

গুৱাহাটী, ১৬ অক্টোবৰ: অসম আৰক্ষীৰ প্ৰশ্নকাকত কেলেংকাৰীৰ ঘটনাই বাৰুকৈয়ে জোকাৰণি তুলিছে ৰাজধানী দিছপুৰত। ইতিমধ্যে আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণৰ গ্ৰেপ্তাৰে যেন সেই জোকাৰণি দুগুণে বৃদ্ধি কৰিছে । সঞ্জিৎ কৃষ্ণৰ গ্ৰেপ্তাৰে বহু নতুন দিশ উন্মোচিত কৰিছে । এই কথা নকলেও চলে যে, গ্ৰেপ্তাৰ হোৱা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ হৈছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ ।

সঞ্জিৎ কৃষ্ণৰ গ্ৰেপ্তাৰে কেৱল মুখ্য সচিব ভাতৃকেই অস্বস্তিত পেলোৱা নাই; অস্বস্তিত পেলাইছে মুখ্যমন্ত্ৰীকো । কিয়নো ৩১ অক্টোবৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল আৰু ছমাহৰ বাবে বৃদ্ধিৰ পোষকতা‌ কৰিছিল স্বয়ং মুখ্যমন্ত্ৰীয়েই । কিয়নো সমূখত নিৰ্বাচন। আগন্তুক সময়চোৱাত ৰাজ্য প্ৰশাসনৰ দায়িত্ব কুমাৰ সঞ্জয় কৃষ্ণৰ হাততে ন্যস্ত থকাটো বিচাৰিছিল মুখ্যমন্ত্ৰীয়ে । কিন্তু সঞ্জিৎ কৃষ্ণৰ গ্ৰেপ্তাৰে যেন বহু ৰাজনৈতিক হিচাপ নিকাচ উলট-পালট কৰি দিলে । ভাতৃক লৈ অস্বস্তিত পৰা কুমাৰ সঞ্জয় কৃষ্ণক এতিয়া পুনৰ ছমাহৰ বাবে কাৰ্যকাল বৃদ্ধি কৰি মুখ্য সচিব পদত অধিস্থিত কৰি ৰখা নৰখাক কেন্দ্ৰ কৰি দিছপুৰত আৰম্ভ হৈছে এক নতুন জোকাৰণি ।

লগতে পঢ়ক:বান সমস্যা সমাধানক লৈ একত্ৰিত যুৱ সমাজৰ পৰিকল্পনা

ABOUT THE AUTHOR

...view details