গুৱাহাটী, 24 ছেপ্টেম্বৰ : দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে গুৱাহাটীত উপস্থিত হয় CRPFৰ সঞ্চালক প্ৰধান ড৹ সুজয়লাল থাওছেন। দুদিনীয়া ভ্রমণসূচীত চি আৰ পি এফৰ মুৰব্বী বিষয়াগৰাকীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ৰাজ্যখনত চি আৰ পি এফে পালন কৰা দায়িত্বৰ কথা অৱগত কৰে। তেওঁ লগতে চি আৰ পি এফৰ আন্তঃগাঁথনি সবল কৰাত মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা সহযোগিতাৰ বাবে তেওঁৰ ওচৰত কৃতজ্ঞতা প্রকাশ কৰে।
অসমত ভৱিষ্যতে চি আৰ পি এফৰ বিশেষ বাহিনী ‘ৰেপিড একচন ফ’ৰ্চ’ গঠনৰ পৰিকল্পনাৰ কথাও তেওঁ সদৰী কৰে। চি আৰ পি এফৰ গ্রুপ চেণ্টাৰ পৰিদৰ্শন কৰি তেওঁ বীৰ-বীৰাংগনাসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ বাহিনীটোৰ 128 নং বেটেলিয়নো পৰিদৰ্শন কৰে।
চি আৰ পি এফৰ সঞ্চালকপ্ৰধানগৰাকীয়ে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকো সাক্ষাৎ কৰে। অসম ভ্ৰমণৰ এই কাৰ্যসূচীত তেওঁৰ সৈতে থাকে চি আৰ পি এফৰ উত্তৰ-পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালকপ্রধান বিনোদ কুমাৰ সিং আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মহাপৰিদৰ্শক অনুৰাগ আগৰৱালা।
ড৹ সুজয় লাল থাওছেন কোনঃ
ড৹ সুজয় লাল থাওছেন মধ্য প্ৰদেশ কেডাৰৰ 1988 বেচৰ ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) বিষয়া ৷ অসমৰ হাফলঙৰ বাসিন্দা, আইপিএছ বিষয়া সুজয় লাল থাওছেনে উজ্জয়িনী বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিছে ৷ সুজয় লাল থাওসেনৰ জন্ম 1963 চনৰ 6 নৱেম্বৰত অসমৰ হাফলঙত হৈছিল৷ থাওছেনে বিভিন্ন পদত বিভিন্ন বাহিনীৰ সেৱা আগবঢ়াইছিল ৷
ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলক নিকটতম সুৰক্ষা প্ৰদানৰ দায়িত্ব অৰ্পণ কৰা বিশেষ সুৰক্ষা গোট (এছপিজি)ৰ দায়িত্ব অৰ্পন কৰা হৈছিল থাওছেনক ৷ সুজয় লাল থাওছেনে এছপিজিত দুবাৰ সেৱা আগবঢ়াইছিল থাওছেনে আন্তৰ্জাতিক আৰক্ষী টাস্ক ফ'ৰ্চৰ (আইপিটিএফ) অংশ হিচাপে ৰাষ্ট্ৰসংঘকো সেৱা আগবঢ়াইছিল৷ তেওঁক 2019 চনৰ পৰা 2020 চনলৈ বছনিয়া আৰু হাৰ্জেগোভিনাত নিয়োজিত কৰা হৈছিল৷ তেওঁ গণতন্ত্ৰ দিৱস, দিল্লীত স্বাধীনতা দিৱস উদযাপন আৰু কমনৱেলথ গেমছ 2010 ৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ তত্বাৱধান কৰিছিল ৷
লগতে পঢ়ক:Karbi Hemtun inaugurated: মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত কাৰ্বি ভৱন হেমতুন উদ্ধোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ