অসম

assam

ETV Bharat / state

SRK fans in Guwahati : গুৱাহাটীত কেক কাটি ফটকা ফুটালে শ্বাহৰুখৰ অনুৰাগীয়ে

গুৱাহাটীৰ প্ৰতিটো ছবিগৃহ হাউছফুল । পাঠানৰ প্ৰথম দৰ্শনী চাবলৈ ভিৰ দৰ্শকৰ (Pathaan film released)। মুক্তিৰ দিনাই কেক কাটি, ফটকা ফুটাই ছবি উপভোগ কৰিলে দৰ্শকে ।

By

Published : Jan 25, 2023, 3:46 PM IST

SRK fans in Guwahati
গুৱাহাটীত কেক কাটি ফটকা ফুটালে শ্বাহৰুখৰ অনুৰাগীয়ে

গুৱাহাটীত কেক কাটি ফটকা ফুটালে শ্বাহৰুখৰ অনুৰাগীয়ে

গুৱাহাটী, ২৫ জানুৱাৰী: বহুচৰ্চিত বলীউডৰ বিগ বাজেটৰ ছবি 'পাঠান'ৰ মুক্তিৰ পাছতে শ্বাহৰুখ খানৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে । ছবিখনৰ প্ৰথম দৰ্শনী উপভোগ কৰিয়ে আপ্লুত দৰ্শকসকল । কোনোৱে যদি কেক কাটিলে, কোনোৱে আকৌ ফটকা ফুটালে । কোনোৱে আকৌ কেমেৰাৰ আগত চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ জনপ্ৰিয় প'জ দিলে ।

সমগ্ৰ দেশৰ লগতে অসমৰো ছবিগৃহত মুক্তি পালে বহু বিতৰ্কিত ছবি 'পাঠান' (Pathaan film released)। বিশেষকৈ গুৱাহাটী মহানগৰীৰ আটাইকেইটা ছবিগৃহতে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবলৈ ভিৰ কৰিলে শ শ দৰ্শকে । প্ৰথম দৰ্শনী উপভোগ কৰি পাঠান ছবিখনৰ লগতে শ্বাহৰুখ খানৰ জয়গান শুনিবলৈ পোৱা গ'ল দৰ্শকৰ মুখত । গুৱাহাটীৰ অনুৰাধা ছবিগৃহত পুৱাই একাংশ শ্বাহৰুখ খানৰ অনুৰাগীয়ে কেক কাটি ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে (SRK fans rejoice in Guwahati)।

উল্লেখ যে বুধবাৰে সমগ্ৰ দেশতে পাঠান ছবিখনে মুক্তি লাভ কৰিছে । ইতিমধ্যে আগতীয়া টিকট বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে ছবিখনে । দেশৰ লগতে বহু বিদেশী ৰাষ্ট্ৰতো মুক্তি লাভ কৰিছে ছবিখনে । ইফালে অসমৰ প্ৰায় ৬৫ টা ছবিগৃহত ছবিখনে মুক্তি লাভ কৰিছে । প্ৰথম দিনটোৰ বাবে ছবিখনৰ আগতীয়া টিকট বুকিঙৰ ক্ষেত্ৰত প্ৰায় ৫০-৬০ লাখ টকাৰ টিকট বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে মুক্তিৰ পূৰ্বে পাঠান ছবিখনক লৈ দেশৰ অন্য প্ৰান্তৰ লগতে ৰাজ্যতো বিতৰ্কৰ সৃষ্টি হৈছিল (Pathaan film controversy in Assam)। চুপাৰষ্টাৰ শ্বাহৰুখ খান, জন আব্ৰাহাম আৰু দীপিকা পাডুকন অভিনীত ছবিখনক লৈ হিন্দুত্ববাদী সংগঠনে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল । গুৱাহাটী মহানগৰীৰ নাৰেংগীতো বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰিছিল । সংগঠনটোৱে নাৰেংগীৰ এল জি টাৱাৰৰ ডিজিটেল ছবিগৃহৰ সন্মুখত 'পাঠান'ৰ পোষ্টাৰ ফালি জুইত জাপি দিছিল । আনকি শ্বাহৰুখ খানক সন্ত্ৰাসবাদী বুলিও অভিহিত কৰিছিল বজৰং দলে (Protest against Pathaan)।

অৱশ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে এনে বিতৰ্কৰ মাজতে ছবিখনৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় বুলিও মন্তব্য কৰিছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে কটকটীয়া নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হৈছে । গুৱাহাটীৰ মহানগৰীৰো প্ৰতিটো ছবিগৃহতে পুৱাৰে পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক মোতায়েন কৰা হৈছে । অৱশ্যে এতিয়ালৈ ৰাজ্যত কোনো ধৰণৰ প্ৰতিবাদ বা অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য অহা নাই ।

লগতে পঢ়ক :Pathaan released : কটকটীয়া নিৰাপত্তাৰ মাজেৰে মৰাণত পাঠানৰ দৰ্শনী

ABOUT THE AUTHOR

...view details