গুৱাহাটী,২২ জুলাইঃৰাষ্ট্ৰপতি নিৰ্বাচন সম্পন্ন হৈ উঠাৰ পিছতে ৰাজ্যৰ ৰাজনীতি পুনৰ গৰম হৈ পৰা পৰিলক্ষিত হৈছে ৷ সমান্তৰালভাৱে প্ৰশ্ন উঠিছে গাড্ডাৰ কোন । কোনে বিশ্বাসঘাতকতা কৰিলে নিজ দলক বুলি । উল্লেখ্য যে আশংকা কৰাৰ দৰেই ৰাজ্যৰ বিৰোধী দলৰ বিধায়কে ভোট দিলে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰুপদী মুৰ্মুক((Cross voting controversy in Assam) ।
উল্লেখ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাজ্যৰ মুঠ ২২জন বিৰোধী দলৰ বিধায়কে এন ডি এৰ প্ৰাৰ্থীগৰাকীক ভোট দিয়াৰ কথা স্পষ্ট হৈ পৰিল । ইয়াৰ লগে লগে আৰম্ভ হৈছে বিৰোধীৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতি । ইফালে ৰং চাইছে শাসকীয় দল বিজেপিয়ে । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ পাছতে সৰৱ চৰ্চা আৰম্ভ হৈছে যে নিজৰ দলকে বিশ্বাসঘাতকতা কৰা গড্ডাৰ বিধায়কসকল কোন বুলি । বিৰোধীৰ শিবিৰ হৈছে কংগ্ৰেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল আৰু চি পি আই এম ।
উল্লেখ্যযোগ্য যে অসমত এন ডি এৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ৭৯জন । ইয়াৰে বিজেপিৰ ৬৩ জন, অগপৰ ৯ জন আৰু ইউ পি পি এলৰ ৭ জন বিধায়ক । আনহাতে বিধানসভাৰ মজিয়াত বিজেপি মিত্ৰজোঁটত আছে বি পি এফ । বি পি এফৰ তিনিজন বিধায়কেও ভোট দিছিল এন ডি এৰ প্ৰাৰ্থীগৰাকীক । সেই অনুসৰি এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে অসমৰ মুঠ ৮২জন বিধায়কৰ ভোট নিশ্চিতভাৱে লাভ কৰিছে । কিন্তু ভোট গণনাত দেখা গ'ল যে দ্ৰৌপদী মুৰ্মুৱে অসমৰ পৰা মুঠ ১০৪টা ভোট লাভ কৰিছে(Droupadi Murmu new President of India) । ইফালে বিৰোধী দল কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হ’ল ২৭জন । ইয়াৰে তিনিজন নিলম্বিত হৈ আছে । এ আই ইউ ডি এফৰ ১৫ জন বিধায়ক আছিল যদিও দুজনে ভোট দিয়া নাছিল ।
আনহাতে বিধানসভাত চি পি এমৰ এজন আৰু ৰাইজৰ দলৰ এজন বিধায়ক আছে । ইয়াকে ধৰি বিৰোধী শিবিৰত থকা ৪২জন বিধায়কে ভোট দিছিল । কিন্তু ভোট গণনাত ওলাই পৰিল যে বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাই অসমৰ বিৰোধী শিবিৰৰ পৰা লাভ কৰিলে মাত্ৰ ২০ জন বিধায়কৰ ভোটহে । বাকী ২২জন বিৰোধী শিবিৰৰ বিধায়কে ক্ৰছ ভোটিঙৰ দ্বাৰা দ্ৰুপদী মুৰ্মুক জয়ী কৰাত সহায় কৰিলে । ক্ৰছ ভোটিং কৰা বিধায়কৰ সংখ্যালৈ যদি লক্ষ্য কৰা হয় তেনেহ'লে দেখা পোৱা যায় যে এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দুয়োটা দলৰে বিধায়কে এন ডি এৰ প্ৰাৰ্থীগৰাকীক ভোট দিছে । কিয়নো এ আই ইউ ডি এফৰ ভোটদান কৰা বিধায়কৰ সংখ্যা হৈছে ১৩জন। এনেস্থলত ক্ৰছ ভোটিং কৰা বাকী ৯ জন বিধায়কেই হ’ব লাগিব কংগ্ৰেছ বা আন বিৰোধী দল দুটাৰ । মন কৰিবলগীয়া কথা যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাই কেইবাজনো বিজেপিৰ বিধায়কে মুকলিকৈয়ে ঘোষণা কৰিছিল যে তেওঁলোকে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পৰা কমেও ২০-২২টা ভোট লাভ কৰিব । বিজেপিৰ বিধায়কসকলে কৰা এই দাবী সত্য ৰূপে পৰিগণিত হ'ল ।