অসম

assam

ETV Bharat / state

ৰাজ্যত বন্ধ হৈ যাব নেকি দুখীয়াৰ চাউল ?

ঋণত ডুব যোৱা ৰাজ্য চৰকাৰখনে সমবায় সমিতিসমূহ আৰু সুলভ মূল্যৰ ব্যৱসায়ীসকলক অনাদায় হৈ থকা প্রাপ্য পৰিবহণ ব্যয়(Cost of transport due) আৰু কমিছন আদায় দিব পৰা নাই । কমিছন আৰু পৰিবহণ ব্যয়ৰ বাবত এতিয়াও প্রায় ৯০০ কোটি টকা অনাদায় হৈ আছে । সবিশেষ জানো আহক ৷

By

Published : Nov 30, 2021, 8:51 PM IST

crores of debt on assam government
ৰাজ্যত বন্ধ হৈ যাব নেকি দুখীয়াৰ চাউল ?

গুৱাহাটী, ৩০ নৱেম্বৰ : প্ৰতিটো আঁচনিৰ সুবিধা যাতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰে তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে (Himanta Bishwa government) বিশেষ গুৰুত্ব আৰোপ কৰিছে । কিন্তু শেহতীয়াকৈ পুঁজিৰ অভাৱকে ধৰি বিভিন্ন কাৰণত বহু কেইটা আঁচনি নোহোৱা হোৱাৰ উপক্ৰম হৈছে ।

বিশেষকৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন(National Food Security Act) আৰু প্রধানমন্ত্রী গৰিব কল্যাণ যােজনাৰ অধীনৰ চাউল বিতৰণ অসমত ডিচেম্বৰ মাহৰ পৰা বন্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷উল্লেখ্য যে, মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন তথা গৰিব কল্যাণ যােজনা(Garib kalyan yojana)ৰ এক কেজি চাউলো যদি হিতাধিকাৰীক দোকানীয়ে কমাই দিয়াৰ অভিযােগ পোৱা যায় তেন্তে তেনে দোকানীক জে’লত দিয়া হ'ব ।

এই ঘোষণাই স্বাভাৱিকতেই দৰিদ্ৰ জনগণৰ মাজত বিশেষ প্ৰসিদ্ধি লাভ কৰিছিল । কিন্তু শেহতীয়াকৈ এই অভিলাষী আঁচনিখনৰ ক্ষেত্রত জটিলতাই দেখা দিছে। ঋণত ডুব যোৱা ৰাজ্য চৰকাৰখনে সমবায় সমিতিসমূহ আৰু সুলভ মূল্যৰ ব্যৱসায়ীসকলক অনাদায় হৈ থকা প্রাপ্য পৰিবহণ ব্যয় আৰু কমিছন আদায় দিব পৰা নাই ।

সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানীক সামগ্ৰী সৰবৰাহৰ বাবে পৰিবহণ ব্যয় আৰু কমিছনৰ ধন আদায় দি আছে বুলি চৰকাৰে উল্লেখ কৰিছে যদিও কমিছন আৰু পৰিবহণ ব্যয়ৰ বাবত এতিয়াও প্রায় ৯০০ কোটি টকা অনাদায় হৈ আছে। এই বৃহৎ পৰিমাণৰ ধন অনাদায় হৈ থকাৰ ফলত সমবায় সমিতিসমূহৰ লাওলােৱা অৱস্থাৰ সৃষ্টি হােৱাত শীঘ্ৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্রধানমন্ত্রী গৰিব কল্যাণ যােজনাৰ চাউল বিতৰণৰ প্ৰক্ৰিয়া বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে।

ইতিমধ্যে, কমিছন আৰু পৰিবহণ ব্যয়ৰ বাবত অনাদায় ধন আদায়ৰ বাবে বান্ধি দিয়া সময়সীমা মঙলবাৰে অন্ত পৰিছে । সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানীসকলে সামগ্রী পৰিবহণ আৰু কমিছনৰ বাবত অনাদায় ধন নাপালে ডিচেম্বৰ মাহৰ পৰা সামগ্ৰী সৰবৰাহ আৰু বিতৰণ বন্ধ কৰাৰ সিদ্ধান্ত কেইবাখনাে জিলাই ইতিমধ্যে গ্রহণ কৰিছে ।

জানিব পৰা মতে ২০১৯ চনৰ জুলাই মাহৰ পৰা সামগ্রী পৰিবহণ আৰু কমিছনৰ বাবত কেন্দ্রীয় চৰকাৰে দিবলগীয়া অংশৰ বাবত প্রায় ৯০০ কোটি টকা অনাদায় হৈ আছে । চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মার্চ মাহলৈ ৰাজ্য চৰকাৰৰ অংশ ২৫ শতাংশ মুকলি কৰিছে যদিও এপ্রিল মাহৰ পৰা এইপর্যন্ত ৰাজ্য চৰকাৰৰ অংশও আদায় দিয়া নাই ।

বিটিআৰৰ নির্বাচনী সভাত(Election meeting in BTR) কমিছন আৰু পৰিবহণ ব্যয়ৰ বাবত ৰাজ্য চৰকাৰে সমবায় সমিতি, সুলভ মূল্যৰ ব্যৱসায়ীসকলক আদায় দি থকাৰ পাছতাে যদি হিতাধিকাৰীক এক কেজিও চাউল কমাই দিয়ে তেন্তে তেওঁলােক জে’লৰ ভাত খাব লাগিব বুলি খাদ্য আৰু অসামৰিক যােগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক কাষত বহুৱাই মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিছিল ।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন(National Food Security Act)ৰ চাউল বিনামূলীয়ালৈ প্রায় ২.৫২ কোটি হিতাধিকাৰীৰ মাজত বিতৰণ কৰি প্রশংসা বুটলিব বিচৰা ৰাজ্য চৰকাৰৰ স্বৰূপ ক্ৰমাৎ উদং খােৱাৰ উপক্ৰম হৈছে । কোটি কোটি টকা পৰিবহণ আৰু কমিছনৰ বাবত অনাদায় হৈ থকাৰ ফলত সমবায় সমিতিসমূহৰ হাতত থকা আনুষংগিক পুঁজি এতিয়া উদং ।

যাৰ ফলত অনাদায় পুঁজি মুকলি কৰি নিদিলে ডিচেম্বৰৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন বা প্রধানমন্ত্রী গৰিব কল্যাণ যােজনাৰ চাউল গুদামৰ পৰা নুঠোৱাৰ দৰে কঠোৰ সিদ্ধান্তও গ্রহণ কৰিবলৈ সাজু হৈছে সদৌ অসম সমবায় সমিতিসমূহৰ সমন্বয় সমিতিয়ে । উল্লেখ্য যে কমিছন আৰু পৰিবহণ ব্যয়ৰ বাবত কেন্দ্রই দিবলগীয়া অংশ আদায় দিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীক সুলভ মূল্যৰ ব্যৱসায়ীসকলে ইতিপূর্বে স্মাৰক-পত্রও দিছিল ।

কেন্দ্রীয় চৰকাৰৰ অংশতাে বাদেই ৰাজ্য চৰকাৰৰ অংশও এপ্রিল মাহৰ পৰা আদায় দিব নােৱৰাত অভিলাষী আঁচনিখনৰ গতি ৰুদ্ধ হোৱাৰ উপক্ৰম হৈছে। লক্ষণীয় বিষয় যে বিশেষভাৱে ক'ভিডকালত এই আঁচনিৰ যোগেদি ৰাজ্যৰ অগনণ লোকে পেটৰ ভাতমুঠি যোগাৰ কৰিবলৈ সক্ষম হৈছিল। এই আঁচনিৰ যোগেদিয়েই বহু লোকৰ দুবেলা দুমুঠিৰ যোগাৰ হৈ আহিছে। গতিকে এইক্ষেত্রত চৰকাৰে উপযুক্ত ব্যৱস্থ‍া গ্ৰহণ নকৰিলে বহু লোক সমস্যাত পৰাটো নিশ্চিত।

লগতে পঢ়ক :Trade License Inspection Drive By GMC : চাৰিখনকৈ প্ৰতিষ্ঠানলৈ ১২,০০০ টকাৰ জৰিমনা

ABOUT THE AUTHOR

...view details