অসম

assam

হায়াত ছুপাৰ স্পেচিয়েলিটি হাস্পতালত দুমহীয়া শিশুৰ হৃদৰোগৰ জটিল অস্ত্ৰোপচাৰ

By

Published : Jun 15, 2021, 7:55 PM IST

উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে অতি জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ কথা সদৰি কৰিলে হায়াত হাস্পতাল (Hayat Hospital) কৰ্তপক্ষই । তিনি ঘন্টাজোৰা এক অস্ত্ৰোপচাৰৰ অন্তত দুমহীয়া শিশুক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ সক্ষম হয় ।

hayat hospital
হায়াতত দুমহীয়া শিশুৰ হৃদৰোগৰ জটিল অস্ত্ৰোপচাৰ

গুৱাহাটী, ১৫জুন :শিশুৰ জন্মগত জটিল হৃদৰোগৰ অস্ত্ৰোপচাৰ কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমবাসীৰ বাবে এক ভাল বতৰা লৈ আনিছে গুৱাহাটীৰ হায়াত ছুপাৰ স্পেচিয়েলিটি হাস্পতালে (Hayat Super specialty Hospital) । ডিব্ৰুগড়ৰ এটা পৰিয়ালৰ এটি দুমহীয়া শিশুক হঠাৎ হোৱা কাহ, জ্বৰ, চৰ্দি আৰু উশাহ-নিশাহ সমস্যাৰ বাবে প্ৰথমে ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত (DMCH) ভৰ্তি কৰোৱা হৈছিল । প্ৰাৰম্ভিক চিকিৎসা আৰু তিনিদিন ভেণ্টিলেচনত ৰখাৰ পাছত এই কথা পোহৰলৈ আহে যে শিশুটি TAPVR (Total anomalous pulmonary venous return) ৰোগত আক্ৰান্ত হৈছে ।

এই ৰোগত আক্ৰান্ত শিশুৰ হাওফাঁওত তেজ চলাচলত সমস্যা হোৱাৰ লগতে দেহত আনুসংগিক বিভিন্ন বেমাৰৰ উপস্থিতি দেখা পোৱা যায় । যাৰবাবে শিশুটিৰ দেহত নিমোনিয়াৰ (Pneumonia) পৰিমাণ বাঢ়ি যায় । শিশুটিক সংকটজনক অৱস্থাত হায়াত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল (Hayat Super specialty Hospital)ত ভৰ্তি কৰোৱাৰ পিছত হাস্পতালখনৰ জেষ্ঠ চিকিৎসক তথা হৃদশৈল্য ৰোগ বিশেষজ্ঞ ডাঃ সুৰোজ কুমাৰ প্ৰধানৰ নেতৃত্বত চিকিৎসা প্ৰদান কৰা হয় ।

হায়াতত দুমহীয়া শিশুৰ হৃদৰোগৰ জটিল অস্ত্ৰোপচাৰ

চলিত মাহৰ ৮ তাৰিখে ডাঃ প্ৰধানৰ নেতৃত্বত আৰু হাস্পতাল খনৰ ডাঃ আবু ৰিয়াজ, ডাঃ কংকন শৰ্মা, ডাঃ হৃষিকেশ ভৰালী, শিশু ৰোগ বিশেষজ্ঞ ডাঃ ডলী কলিতাৰ সহযোগত প্ৰায় তিনি ঘন্টাজোৰা এক অস্ত্ৰোপচাৰৰ অন্তত শিশুটিক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ সক্ষম হয় । চিকিৎসকৰ মতে এই অস্ত্ৰোপচাৰ অতিকৈ জটিল আছিল। কিন্তু চিকিৎসকৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু সফল অপেন হাৰ্ট চাৰ্জাৰীৰ বাবেই শিশুটিৰ হৃদযন্ত্ৰ সম্পূৰ্ণ সুস্থ আৰু দেহত নিমোনিয়াৰ প্ৰভাৱ কম হৈ আহিছে ।

দুমাহ উনৈশ দিনীয়া শিশুটিক মঙলবাৰে সম্পূৰ্ণ সুস্থ অৱস্থাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে চিকিৎসকে । এক সংবাদমেল সম্বোধন কৰি অস্ত্রোপচাৰৰ বিষয়ে উল্লেখ কৰি হাস্পতালখনৰ চিকিৎসকে জনাই যে পূৰ্বে এনেকুৱা জটিল আৰু সংকটজনক অস্ত্ৰোপচাৰৰ বাবে ৰোগী অসমৰ বাহিৰলৈ যাব লগা হৈছিল । কিন্তু এতিয়া হায়াত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল (Hayat Super specialty Hospital)ত এনে অস্ত্ৰোপচাৰ সম্ভৱ হৈছে । এইয়া ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক আশাৰ বতৰা বুলি চিকিৎসকসকলে কয় ।

লগতে পঢ়ক:ৰঙিয়াত এম্বুলেঞ্চ প্ৰদান কৰিলে বিধায়ক ভৱেশ কলিতাই

ABOUT THE AUTHOR

...view details