অসম

assam

By

Published : Jul 10, 2022, 2:28 PM IST

ETV Bharat / state

সংকটৰ গৰাহত বৰচলা বিল-সৰুচলা বিল

বৰচলা বিল আৰু সৰুচলা বিল অৱস্থা সম্প্ৰতি সংকটৰ গৰাহত(crisis of barchala and sarusala beel)। সেয়েহে বৰচলা বিলৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিলে বৃহত্তৰ ছাত্ৰীবাঢ়ি উন্নয়ন সমিতিয়ে।

beel
Crisis of beel in Assam:সংকটৰ গৰাহত বৰচলা বিল-সৰুচলা বিল

গুৱাহাটী, ১০ জুলাই: বৰচলা বিলৰ পাৰত বৃহত্তৰ ছাত্ৰীবাঢ়ি উন্নয়ন সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী( crisis of barchala and sarusala beel )। আদ্ৰভূমিৰ সংৰক্ষণ, বেদখল মুক্তি , পাহাত খনন বন্ধ কৰা , গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধান কৰা, বিলৰ মাটিৰ পৰা বেদখল উচ্ছেদ কৰাকে ধৰি কেইবাটাও দাবীৰে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে( Protest of Greater Chatribari Development Committee) ।

প্ৰতিবাদ সাব্যস্ত কৰি বৃহত্তৰ ছাত্ৰীবাৰী উন্নয়ন সমিতিৰ সভাপতি হেমেন লহকৰে কয় যে সংৰক্ষিত জলাশয় বৰচলা বিল আৰু সৰুচলা বিল অৱস্থা সম্প্ৰতি সংকটৰ গৰাহত । বিল দুখন ২০০১ চনত সংৰক্ষিত জলাশয় হিচাবে ঘোষণাত বাদে কোনো বিশেষ ফলপ্ৰসু ব্যৱস্থা সংৰক্ষিত জলাশয় দুটাৰ ক্ষেত্ৰত আজিকোপতি লোৱা নহ'ল। মহানগৰীৰ ভিতৰত থকা ৪খন আদ্ৰভূমি , ৪খন নদীৰৰ বেদখল বন্ধ কৰিব লাগে আৰু মহানগৰীৰ ২০খন পাহাৰৰ খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনায়।

Crisis of beel in Assam:সংকটৰ গৰাহত বৰচলা বিল-সৰুচলা বিল

এই স্থানসমূহত হৈ থকা বেদখল বন্ধ কৰিবলৈ কেইবাবাৰো জিলা প্ৰশাসন , জি এম চি , জি এম ডি এক অনুৰোধ জনোৱা হৈছে যদিও আজি পৰ্যন্ত কোনো ধৰণ ব্যৱস্থা গ্ৰহণ নকৰিলে ( Complain to GMC, GMDA) । প্ৰাকৃতিক নলা সমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ যোৱাৰ ফলত মহানগৰীত কৃত্ৰিমবানৰ সৃষ্টি হৈ আহিছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱৰ সামৰণি

ABOUT THE AUTHOR

...view details