গুৱাহাটী,১০ মাৰ্চ: বিজেপিয়ে বৰ্তমানলৈকে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত ৮ জনকৈ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ । অপৰাধমুক্ত তথা দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা বিজেপিয়ে এইবাৰো অপৰাধৰ গোচৰ থকা প্ৰাৰ্থীক টিকট প্ৰদান কৰিলে । এটা কথা ঠিক যে, ধনবল থাকিলে বিজেপিত আন সকলো দোষ মাফ হৈ যায় । ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যিক বিজেপিয়ে ৮ গৰাকী প্ৰাৰ্থীৰ অপৰাধৰ গোচৰৰ তালিকা সবিস্তাৰে ৰাজহুৱা কৰিছে ।
সেই অনুসৰি অপৰাধৰ গোচৰ থকা প্ৰাৰ্থীসকল হৈছে ক্ৰমে বঢ়মপুৰ সমষ্টিৰ জিতু গোস্বামী, শিলচৰৰ দ্বীপায়ন চক্ৰৱৰ্তী, থাওৰাৰ কুশল দুৱৰী, মৰিগাঁৱৰ ৰমাকান্ত দেউৰী, মাজবাটৰ জিতু কিষাণ, কমলপুৰৰ দিগন্ত কলিতা, কলাইগাঁৱৰ মধুৰাম ডেকা আৰু লখিমপুৰৰ মানৱ ডেকা । বঢ়মপুৰৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ বিৰুদ্ধে আছে দুৰ্নীতি-জালিয়াতিৰ তিনিটাকৈ গোচৰ ।
জিতু গোস্বামীৰ বিৰুদ্ধে অসমত বিশেষ ন্যায়াধীশৰ আদালত, কলকাতাৰ চিবিআই আদালত আৰু গুৱাহাটীৰ চিবিআইৰ আদালতত গোচৰ ৰুজু হৈ আছে । গোস্বামীৰ বিৰুদ্ধে চলি থকা গোচৰৰ নম্বৰসমূহ ক্ৰমে- Special Court case (PMLA)9/18, RC BSK/2012/E/002 আৰু BSK/2012/E/006.
অবৈধ সুৰাৰ বটলিং প্লাণ্ট চলাই থকাৰ গুৰুতৰ অভিযোগ আছে এইজন বিজেপি নেতা জিতু গোস্বামীৰ বিৰুদ্ধে । ২০১৯ চনৰ ছেপ্তেম্বৰ মাহত আবকাৰী বিভাগে অসম-মেঘালয় সীমান্তত এটা অবৈধ সুৰাৰ বটলিং প্লাণ্ট উচ্ছেদ কৰিছিল । এই প্লাণ্টটো অসম বিজেপিৰ দুজন শীৰ্ষ নেতাই চলাই থকাৰ তথ্য পোহৰলৈ আহিছিল । এই নেতা দুজনৰ এজন আছিল জিতু গোস্বামী ।
আনহাতে শিলচৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দ্বীপায়ন চক্ৰৱৰ্তীৰ বিৰুদ্ধেও ৰুজু হৈ আছে গোচৰ । তেওঁৰ বিৰুদ্ধে অসম বাণিজ্য নিবন্ধৰ (লাইচেঞ্চিং আৰু নিয়ন্ত্ৰণ) সম্পৰ্কীয় গোচৰ বৰ্তমানেও আদালতত চলি আছে ।
সেইদৰে থাওৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে দুটাকৈ গোচৰ চলি আছে । তেওঁৰ বিৰুদ্ধে শাৰীৰিক প্ৰহাৰ সম্পৰ্কীয় গোচৰো চলি আছে ।