অসম

assam

ETV Bharat / state

2020 বৰ্ষত বহু অপৰাধ জনিত ঘটনাই জোঁকাৰি গৈছে ৰাজ্য - ক'ভিড

পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে অসমত অপৰাধজনিত ঘটনা ৷ চুৰি, ডকাইতিৰ পৰা আদি কৰি হত্যাকাণ্ডও বৃদ্ধি পাইছে অসমত ৷ পাৰিসাংখ্যিক তথ্যই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সচেতনমহলৰ মাজত ৷

Crime in 2020 year
2020 বৰ্ষত বহু অপৰাধ জনিত ঘটনাই ৰাজ্য জোঁকাৰি গৈছে অসম

By

Published : Dec 26, 2020, 5:03 PM IST

Updated : Dec 27, 2020, 7:15 PM IST

গুৱাহাটী, 26 ডিচেম্বৰ : 2020 বৰ্ষত বহু অপৰাধ জনিত ঘটনাই জোঁকাৰি গৈছে ৰাজ্য ৷ প্ৰতিদিনেই সংঘটিত হৈছে ইটোৰ পিচত সিটোকৈ অপৰাধজনিত ঘটনা । চৰকাৰ তথা প্ৰশাসনে অপৰাধমুক্ত ৰাজ্য হিচাপে অসমক গঢ় দিব খোজাৰ সময়তে আৰক্ষী থানাত লিপিবদ্ধ হোৱা গোচৰে বিপৰীত ছবিহে দাঙি ধৰিছে ৷

পূৰ্বৰ বছৰ সমূহৰ তুলনাত ৰাজ্যত অপৰাধজনিত ঘটনাৰ সংখ্যা হ্ৰাস পাইছে যদিও ক'ভিডসৃষ্ট সংক্ৰমণ আৰু লক ডাউনৰ স্তব্ধতাৰ মাজতো ৰাজ্যত কিন্তু ব্যাপক হাৰত সংঘটিত হৈছে অপৰাধজনিত ঘটনা । হত্যাকাণ্ডৰ পৰা চুৰি, ডকাইতিলৈকে বহু অপৰাধজনিত খবৰে জোকাৰি গৈছে ৰাজ্য ৷

2020 বৰ্ষত বহু অপৰাধ জনিত ঘটনাই জোঁকাৰি গৈছে ৰাজ্য

আৰক্ষীৰ ডায়েৰীত লিপিবদ্ধ হোৱা তথ্য অনুসৰি, 2020 বৰ্ষৰ বৰ্তমান পৰ্যন্ত ৰাজ্যত ৰুজু হৈছে 55,683 টা অপৰাধজনিত ঘটনা । ইয়াৰ বিপৰীতে বিগত বৰ্ষত ৰাজ্যত সংঘটিত হৈছিল 1,32,877 টা অপৰাধজনিত ঘটনা ।

লগতে পঢ়ক :দিচাংমুখত হাতী মানুহৰ সংঘাতৰ পৰিণতি : বিদ্যুৎ স্পৃষ্ট হৈ 2 টা বন্যহস্তীৰ মৃত্যু

2006 চনৰ তুলনাত ৰাজ্যত দুগুণ বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা । অসম আৰক্ষীৰ তথ্য অনুসৰি, 2020 ৰ জুন মাহ পৰ্যন্ত ৰাজ্যত সংঘটিত হৈছে 626 টা হত্যাৰ ঘটনা ৷ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে 770 টা ৷ অপহৰণৰ ঘটনা সংঘটিত হৈছে 2991 টা ৷ ডকাইতিৰ ঘটনা সংঘটিত হৈছে 82 টা ৷ একেদৰে, লুটপাটৰ ঘটনা সংঘটিত হৈছে 593 টা ৷ লগতে, ধন দাবীৰ ঘটনা সংঘটিত হৈছে 546 টা ৷

আনহাতে, চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে 6193 টা ৷ কেৱল ইমানেই নহয় ৰাজ্যত ভিন্ন ক্ষেত্ৰত সংঘটিত হৈছে অপৰাধজনিত ঘটনা আৰু ইয়াৰ বাবে ৰুজু হৈছে 5,667 টা গোচৰ ।

সমান্তৰালকৈ ৰাজ্যত সংঘটিত হৈছে নাৰীজনিত বহু অপৰাধমূলক ঘটনা । 2020 ৰ জুন মাহ পৰ্যন্ত ৰাজ্যত মহিলাৰ ওপৰত স্বামীয়ে নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে 4,697 টা ৷ মহিলাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে 1,695 টা ৷

মহিলা-কিশোৰী অপহৰণৰ ঘটনা সংঘটিত হৈছে 2221 টা ৷ যৌতুকৰ বাবে মহিলাৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে 74 টা আৰু মহিলা সৰবৰাহৰ ঘটনা সংঘটিত হৈছে 9 টা ৷

লগতে পঢ়ক :কেন্দ্ৰীয় চৰকাৰৰ কোনো কথাকে বিশ্বাসত ল’ব নোৱাৰিঃ সীতাৰাম য়েচুৰী

Last Updated : Dec 27, 2020, 7:15 PM IST

ABOUT THE AUTHOR

...view details