গুৱাহাটী, ২৮ আগষ্ট: বৰ্তমান সমগ্ৰ ৰাজ্যতে অব্যাহত আছে ড্ৰাগছ(Drugs) বিৰোধী অভিযান । ড৹ হিমন্ত বিশ্ব শৰ্মাই(Dr. Himanta Biswa Sarma) মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ড্ৰাগছৰ ক'লা বেহা উৎখাত কৰাৰ নিৰ্দেশ দিছিল প্ৰশাসনক । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি, ৰাজ্যৰ জিলাই জিলাই প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে । গুৱাহাটী মহানগৰীতো আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে কেইবাটাও ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে ।
শুকুৰবাৰে মহানগৰীৰ সাউকুছিৰ ত্ৰিনয়ন পথত ৰীতা বড়ো নামৰ এগৰাকী মহিলাৰ বাসগৃহত অপৰাধ শাখাই অভিযান চলায় । এই অভিযানত জব্দ হ'ল ব্ৰাউন চুগাৰ(Brown Sugar) ভৰ্তি ১৪ টা প্লাষ্টিক ভাইল । আৰক্ষীয়ে ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে ৰীতা বড়োক আটক কৰে । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই অভিযানত আৰক্ষীয়ে নগদ ৪ হাজাৰ টকা জব্দ কৰে ।