গুৱাহাটী, 14 মাৰ্চ :বিগত কিছু সময়ৰ ভিতৰতে সাংঘাতিক ধৰণে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ সংখ্যা ৷ সাধাৰণ ৰাইজৰ নিদ্ৰা কাঢ়ি নিয়া বহুতো শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে ৰাজ্য ৷ মানুহেই মানুহৰ বৈৰী হৈ ধৰা দিছে আজিৰ সমাজত ৷
মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবছৰীয়া কাৰ্যকালত অৰ্থাৎ ২০২২ চনত গুৱাহাটী মহানগৰীত নাৰীজনিত অপৰাধৰ ঘটনা বৃদ্ধি পাইছে (Crime rate in Assam Guwahati) । সোমবাৰে বিধানসভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তৰাবিহীন এক প্রশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা তথ্যত এই কথা প্ৰকাশ পাইছে ।
তথ্য মতে, গুৱাহাটীত ২০১৬ চনত ৭১৮ টা নাৰীজনিত ঘটনা সংঘটিত হৈছিল (Crime against women) । ২০২২ চনত ৭৪৪ টা নাৰীজনিত ঘটনা সংঘটিত হৈছিল । ২০১৬ চনৰ তুলনাত ২০২২ চনত গুৱাহাটীত হত্যাৰ ঘটনাৰ কোনো বিশেষ তাৰতম্য ঘটা নাই । তথ্য মতে, গুৱাহাটীত ২০১৬ চনত ৭৫ টা হত্যাৰ ঘটনা সংঘটিত হৈছিল । আনহাতে ২০২২ চনতো হত্যাৰ ঘটনা ৭৫ টাই সংঘটিত হৈছিল ।