গুৱাহাটী, ১১ নৱেম্বৰ : নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত শনিবাৰে দীপাৱলীৰ সময়ত লব'লগীয়া সাৱধানতা সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত হয় । এই সংবাদমেলত হাস্পতালখনৰ বাৰ্ণ ইউনিটত চিকিৎসাধীন হোৱা ৰোগী সকলৰ তথ্য হাস্পতালৰ কৰ্তৃপক্ষই উল্লেখ কৰে । দীপাৱলীৰ সময়ত অগ্নিদগ্ধ হোৱা লোকৰ সংখ্যাৰ লগতে অগ্নিদগ্ধ হোৱাৰ কাৰণ বিশ্লেষণ কৰে নেমকেয়াৰ হাস্পতালৰ মুখ্য় পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই । ৰাইজক ফটকা বিহীন দীপাৱলী পালন কৰাৰ লগতে সামাজিক সজাগতাৰ আহ্বান জনায় ডাঃ হিতেশ বৰুৱাই।
তেওঁ কয় যে ফটকা, আতচবাজীৰ বাবে বহুতো লোক দুৰ্ঘটনাত পতিত হয় । তথ্য অনুসৰি জুয়ে পোৰা দুৰ্ঘটনাৰ ভিতৰত শতকৰা ১০-১২ % হ'ল দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা । আনহাতে, এই দুৰ্ঘটনাৰ বলি হোৱা সৰহভাগেই শিশু আৰু কিশোৰ বুলি তেওঁ কয় যে ২০২২ বৰ্ষ ৩৪ গৰাকী লোক দীপাৱলীৰ সময়ত অগ্নিদগ্ধ হৈ নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈছে । ফটকাৰ অসাৱধান ব্যৱহাৰৰ বাবে বহুতো লোকৰ হাত, মুখমণ্ডল জ্বলে, জীৱনলৈ ভয়াবহতা নামি আহে। গতিকে পৰাপক্ষত আতচবাজী ব্যৱহাৰ নকৰিবলৈ তেওঁ আহ্বান জনায় ।