চৰকাৰক তীব্ৰ সমালোচনা CPIMৰ গুৱাহাটী, 10 জুন:মহানগৰীৰৰ খোৱাপানী সমস্যা সমাধান কৰাকে ধৰি বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে চি পি আই (এম)ৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে শনিবাৰে গুৱাহাটীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ , ফ্লেগ , ফেষ্টুনলৈ বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে (CPIM porotest in Guwahati) ৷
কাৰ্যসূচীত অংশ লৈ চি পি আই (এম)ৰ কামৰূপ মহানগৰ জিলাৰ নেতা ভবেন কলিতাই কয় যে দীর্ঘদিন ধৰি গুৱাহাটীবাসীয়ে খোৱাপানীৰ সমস্যাত ভুগি আছে ৷ 2009 চনতেই আৰম্ভ হোৱা পানী যোগানৰ অভিলাষী আঁচনিৰ কাম আজিও সম্পূৰ্ণ হোৱা নাই ৷ গুৱাহাটী মহানগৰৰ এক ব্যাপক অঞ্চলৰ ৰাইজ খোৱা পানীৰ সমস্যাত ভুগি আছে ৷ যি খিনি অঞ্চলৰ কাম সম্পন্ন হৈছে সেইখিনিটো এটাৰ পিচত আনটো বিজুতি ঘটি আছে (CPIM slams BJP) ৷
তেওঁ লগতে কয়, ‘‘ যোৱা 25 মে’ত খাৰঘুলিত জাইকাৰ পানীৰ পাইপ ফাটি হোৱা জল বিস্ফোৰণে এজনৰ প্ৰাণ কাঢ়ি নিয়াৰ উপৰিও বহু স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ ক্ষতি কৰিছে ৷ ৰাইজ আতংকিত হৈছে । জীৱন ধাৰণৰ বাবে অপৰিহাৰ্য পানীৰ বাবে গুৱাহাটীবাসী ৰাইজে হাহাকাৰ কৰিবলগীয়া হোৱাটো অতি দুর্ভাগ্যজনক ৷’’
তেওঁ আৰু কয় যে বিদ্যুৎ মাচুল প্ৰতি ইউনিটত 30 ৰ পৰা 70 পইচা বৃদ্ধি কৰা হৈছে ৷ স্মাৰ্ট মিটাৰৰ প্ৰচলনৰ ফলত উপভোক্তাসকলৰ বিদ্যুৎ মাছুলৰ বাবদ আদায় দিবলগীয়া ধনৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি হৈছে। ইয়াৰ পিছত পুনৰ অযৌক্তিকভাৱে বিদ্যুৎ মাছুল বৃদ্ধিয়ে বিদ্যুৎ গ্ৰাহকৰ মূৰত মাধমাৰ সোধাইছে। বিদ্যুৎ মাছুল বৃদ্ধিৰ লগে লগে বিদ্যুৎ যোগানো সঘনে বাধাগ্ৰস্ত হৈছে ৷ ফলত এই গৰমৰ দিনত ৰাইজে অশেষ কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে (Electricity tariff hike) ৷’’
আনহাতে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কোনো কার্যকৰী ব্যৱস্থা লোৱা আজিও পৰিলক্ষিত হোৱা নাই বুলিও কলিতাই মন্তব্য কৰে ৷ ঔষধকে ধৰি সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অবিৰত মূল্যবৃদ্ধিয়ে ৰাইজৰ জীৱন দুৰ্বিসহ কৰি তুলিছে ৷
কাৰ্যসূচীৰ শেষত চি পি আই (এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিৰ তৰফৰ পৰা খোৱাপানীৰ প্ৰকল্পবোৰৰ অতিশীঘ্ৰে সম্পন্ন কৰি খোৱাপানী যোগানৰ ব্যৱস্থা কৰা, বিদ্যুৎমাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰা, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা , দীর্ঘদিন বসবাস কৰি থকা বা ভোগদখল কৰা লোকসকলক মাটি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা আদি দাবী সম্বলিত এখন স্মাৰক পত্ৰ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে (Water problem in Guwahati) ৷
লগতে পঢ়ক:Silsako Eviction: শিলসাঁকোত উত্তপ্ত পৰিস্থিতি; জৰীপ চলাবলৈ উপস্থিত বৃহৎ আৰক্ষীৰ দল