গুৱাহাটী,৭ নৱেম্বৰ:CPIM ৰ কামৰূপ মহানগৰ জিলা কমিটিৰ উদ্যোগত সোমবাৰে অক্টোবৰ বিপ্লৱৰ ১০৫ সংখ্যক বৰ্ষ উদযাপন কৰা হয় । গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অক্টোবৰ বিপ্লৱ উপলক্ষে হোৱা আলোচনা সভাৰ বিষয় আছিল - বৰ্তমান পৰিস্থিতিত অক্টোবৰ বিপ্লৱৰ প্ৰাসংগিকতা (CPIM seminar on October revolution) । আলোচনা চক্ৰৰ মুখ্য আলোচক হিচাপে উপস্থিত থাকে চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ (Relevance of October Revolution) ।
শতঞ্জীৱ দাসৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা সভাৰ বিষয় বস্তু ব্যাখ্যা কৰে জিলা সম্পাদক মণ্ডলীৰ সদস্য ভৱেন কলিতাই । উদ্দেশ্য ব্যাখ্যাত কলিতাই কয় যে আজিৰ সময়ত ৰাজ্য তথা দেশত দেখা দিয়া সংকটৰ পৰা মুক্তি পাবলৈ একমাত্ৰ পথ হৈছে সমাজবাদ । আজিৰ পৰা ১০৫ বছৰ আগত লেনিনৰ নেতৃত্বত হোৱা বিপ্লৱে এক সমাজবাদী দেশৰ ধাৰণাৰ বাস্তৱ ৰূপ দেখাই দিছে ।
আলোচনা চক্ৰৰ মুখ্য আলোচক সুপ্ৰকাশ তালুকদাৰে ১৯১৭ চনত লেনিন (Vladimir Lenin)ৰ নেতৃত্বত হোৱা ৰাছিয়াৰ বিপ্লৱৰ বিষয়ে বিশদ ভাৱে বৰ্ণনা কৰে (The Russian Revolution) । সমগ্ৰ পৃথিৱীতে ৰাছিয়াই কেনেদৰে সমাজবাদী ধাৰণাক আগুৱাই নিছিল তাৰ বৰ্ণনা দাঙি ধৰে । আমাৰ দেশৰ বৰ্তমান পৰিস্থিতি বাখ্যা কৰি আলোচক সুপ্ৰকাশ তালুকদাৰে উপস্থিত শ্ৰোতা সকলক সাম্প্ৰদায়িক শক্তি আৰু নব্য উদাৰবাদী অৰ্থনীতিৰ জনসাধাৰণক সজাগ কৰাৰ আহ্বান জনায় ।
সঞ্চালক শতঞ্জীৱ দাসে কয় যে আজিও মুক্তিকামী মানুহক মুক্তিৰ পথ দেখুৱায় । সৃজনলীল মাৰ্ক্সবাদ (Creative Marxism)ৰ জ্বলন্ত নিদৰ্শন হৈছে অক্টোবৰ বিপ্লৱ । সাম্ৰাজ্যবাদী দেশ সমূহৰ দ্বন্দ ব্যৱহাৰ কৰি লেনিনৰ নেতৃত্বত বলচেভিক পাৰ্টিয়ে পৰাক্ৰমী জাৰক উৎখাত কৰি পৃথিৱীৰ প্ৰথম সমাজবাদী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিছিল । আমাৰ দেশতো অক্টোবৰ বিপ্লৱৰ শিক্ষাৰে শিক্ষিত হৈ জনগণতান্ত্ৰিক বিপ্লৱৰ পথত জনসাধাৰণক সমবেত কৰিব লাগিব । বৰ্ষীয়ান CPIMৰ নেতা ঊদ্ধৱ বৰ্মনো আলোচনা সভাত উপস্থিত থাকে ।
লগতে পঢ়ক:Dhula Murder Case: মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি চিকিৎসকক গ্ৰেপ্তাৰ