গুৱাহাটী,২৩ ফেব্ৰুৱাৰী :গুৱাহাটীৰ ৰে’লৰ মাটিৰ লীজ বাতিল কৰাৰ দাবীত চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে বুধবাৰে গুৱাহাটীৰ মালিগাঁৱত থকা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে (CPIM protest in front of NF Railway headquarter)। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ আৰু ফেষ্টুন লৈ ৰে'লৰ মাটি বনিয়াৰ হাতত বিক্ৰী কৰা নচলিব, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । গুৱাহাটী ক্লাৱ আৰু পল্টনবজাৰস্থিত বহু মূল্যৱান ৫৮ বিঘা ৰে’ল বিভাগৰ মাটি কেন্দ্ৰীয় চৰকাৰে তিনিগৰাকী ব্যক্তিগত ব্যৱসায়ীক লীজত দিয়াৰ তীব্ৰ বিৰোধিতা কৰি চিপিআই(এম) দলে লীজ চুক্তি তাৎক্ষণিকভাৱে বাতিল কৰিবলৈ দাবী জনায় ।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে অসম চৰকাৰৰ সম্পূৰ্ণ জ্ঞাতসাৰে কেন্দ্ৰীয় চৰকাৰে উক্ত লীজ চক্তি সম্পাদন কৰিছে । একপ্ৰকাৰ বিক্ৰী কৰিছে । ইয়াকে লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
সুপ্ৰকাশ তালুকদাৰে কোৱা মতে ৰে'লক যদি মাটি নালাগে সেই মাটি ৰাজ্য চৰকাৰক দিব লাগে । গুৱাহাটীত বহুত ভূমিহীন মানুহ আছে । সেই মাটি ভূমিহীন মানুহৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে । তেওঁ কয় যে পৰৱৰ্তী সময়ত দলে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব ।
তেওঁ কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ বাবে উঠি পৰি লাগিছে আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে ‘জাতীয় মুদ্ৰাকৰণ পাইপলাইন’ পৰিকল্পনা গ্ৰহণ কৰিছে । জাতীয় মুদ্ৰাকৰণ পাইপলাইনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অহা চাৰি বছৰৰ ভিতৰত ছয় লাখ কোটি টকা সংগ্ৰহৰ লক্ষ্য ৰ্নিৰ্ধাৰণ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত বিজেপি নেতৃত্বাধীন আন ৰাজ্য চৰকাৰসমূহৰ লগতে অসম চৰকাৰেও ৰাজ্যখনৰ সকলো চৰকাৰী সম্পত্তিৰ মূল্যসহ তালিকা প্ৰস্তুত কৰিছে আৰু ভূ-সম্পত্তিসমূহ লীজত দিয়াৰ নামত বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।