গুৱাহাটী, ১৬ নৱেম্বৰ:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত শনিবাৰে মহানগৰীত বিক্ষোভ প্ৰদৰ্শন কৰে চিপিআইএমে । পানবজাৰস্থিত বি এছ এন এল ভৱনৰ সন্মুখৰ পৰা ৰেলীৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰে প্ৰতিবাদকাৰীয়ে ।
হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷ অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি হ্ৰাস, চাউল, আটা, মিঠাতেল, চেনী, চাবোন, দালি সহ ১৪ বিধ নিত্য প্ৰয়োজনীয় সামগ্ৰী সুলভ মূল্যত যোগান ধৰা, পেট্ৰল-ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰা, আয়কৰৰ আওতাত নপৰা প্ৰতিটো পৰিয়ালক মাহে ৭৫০০ টকাকৈ প্ৰদান কৰা, কৃষকৰ উৎপাদিত ফচল ন্যাৰ্য দামত চৰকাৰৰ উদ্যোগত ক্ৰয় কৰা, নিৰ্মাণ সামগ্ৰীৰ দাম হ্ৰাস কৰা আদি বিভিন্ন দাবীৰে ৰূপায়ন কৰে এই বিক্ষোভ কাৰ্যসূচী ৷
কাৰ্যসূচীৰ অন্তত তেওঁলোকৰ দাবীৰ সম্বলিত এক স্মাৰক পত্ৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে । বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে, মূল্যবৃদ্ধিয়ে মানুহক যেনেদৰে জৰ্জৰিত কৰিছে, মানুহৰ পাকঘৰত জুই নজ্বলা অৱস্থা হৈছে ।