গুৱাহাটী, 7 জানুৱাৰী:মূল্যবৃদ্ধি ৰোধ, খোৱা পানী যোগান, কর্মসংস্থাপন সৃষ্টি, মাটিৰ পট্টা, আঁচনিভুক্ত কৰ্মচাৰীসকলক ন্যূনতম মজুৰি, অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষা, নতুন পেঞ্চন আঁচনি বাতিল, পুৰণি পেঞ্চন আঁচনিৰ প্ৰৱৰ্তন, গণতন্ত্ৰ ৰক্ষাৰ লগতে বিভিন্ন সমস্যাৰ দাবীত শনিবাৰে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত চি পি আই এমে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (CPIM protest in Guwahati) ৷ লগতে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷
এই কাযসূচীত অংশ লৈ চি পি আই এমৰ নেতা বীৰেণ শৰ্মাই (CPIM leader Biren Sharma) কয় যে বৰ্তমান কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নীতিৰ ফলশ্ৰুতিত সাধাৰণ ৰাইজৰ জীৱন এশ এবুৰি সমস্যাবে জুৰুলা হৈছে (CPIM protest against price hike)৷ ঔষধকে ধৰি সৰ্ববিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈছে ৷ চৰকাৰে মূল্য নিয়ন্ত্ৰণৰ বাবে ন্যূনতম ব্যৱস্থাও লোৱা নাই ৷ বৃহৎ পুঁজিপতি আৰু ব্যৱসায়ী গোষ্ঠীক চৰকাৰে অবাধে জনসাধাৰণক লুটপাত কৰাৰ সুযোগ দিছে (CPIM protest against drinking water )। চৰকাৰে আৱকাৰী কৰ, জি এছ টি ইত্যাদি পৰোক্ষ কৰ ব্যাপক হাৰত বৃদ্ধি কৰি জনসাধাৰণৰ ওপৰত মেটমৰা বোজা জাপি দিছে আৰু মূল্যবৃদ্ধিৰ জ্বলা জুইত ঘিউ ঢালিছে ৷ অবিৰাম মূল্যবৃদ্ধিয়ে সাধাৰণ শ্ৰমজীৱী ৰাইজৰ আয় আৰু প্ৰকৃত মজুৰি নিতৌ সংকুচিত কৰিছে ৷
লগতে তেওঁ কয় যে ৰাজ্যত নিবনুৱা সমস্যাই অভূতপূর্ব ৰূপ লৈছে ৷ সমগ্ৰ দেশত এতিয়া নিবনুৱাৰ হাৰ হৈছে 8 শতাংশ আৰু আমাৰ ৰাজ্যখনত হৈছে 14 শতাংশ ৷ এয়া নজিৰবিহীন । 2016 চনত ৰাজ্যৰ বিজেপি চৰকাৰে ইয়াৰ ‘ভিজন ডকুমেন্ট'ত বছৰি 4 লাখ 60 হাজাৰ নতুন কর্মসংস্থাপন সৃষ্টিৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু এতিয়া এইবোৰ প্ৰতিশ্ৰুতি ধোৱাচাঙত উঠিছে ৷ বর্তমান মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ ঢৌ তুলি মাত্ৰ 1 লাখ চাকৰি দিয়াৰ কথা কৈছে ৷ সেইটোও কি হয় সময়ে ক’ব ৷ এই চাকৰিবিলাকৰো এটি উল্লেখনীয় অংশ হৈছে ঠিকাভিত্তিক৷ অধিকাংশ স্কুলত এতিয়া ঠিকাভিত্তিক শিক্ষকৰ উপস্থিতি পৰিলক্ষিত কৰা হৈছে ৷
যোৱা চাৰিবছৰত ৰাজ্যখনত 20 হাজাৰৰো অধিক শিক্ষকৰ পদ বিলোপ কৰা হৈছে ৷ সম্প্ৰতি আৰু পদ নাইকিয়া কৰা হ’ব বুলি ঘোষণা কৰা হৈছে৷ যোৱা ছয় বছৰত 7,552 খন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছে ৷
লগতে নেতাগৰাকীয়ে কয় যে বৃহত্তৰ গুৱাহাটী মহানগৰীৰ বাসিন্দাসকল বিশুদ্ধ খোৱাপানীৰ অভাৱত (Drinking water crisis in Guwahati) মাৰাত্মকভাৱে জুৰুলা হৈছে ৷ নাগৰিকসকলক এই ন্যূনতম মৌলিক পৰিসেৱা আগবঢ়োৱাৰ সাংগঠনিক দায়িত্ব পালনৰ ক্ষেত্ৰতো চৰকাৰে চৰম ব্যৰ্থতাৰ পৰিচয় দিছে ৷ ২০০৯ চনত যি চাৰিটা অভিলাষী পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল সেইসমূহো 36 মাহৰ ভিতৰত সম্পন্ন কৰাৰ কথা আছিল ৷
কিন্তু আজি 13 বছৰ পাৰ হৈ যোৱাৰ পিছতো এইবোৰ আধৰুৱা হৈ আছে ৷ মহানগৰীৰ এক বিশাল অংশৰ ৰাইজে ব্যক্তিগত পানী যোগান সংস্থাৰ পৰা চৰাদামত পানী কিনিবলৈ বাধ্য হৈছে ৷ চৰকাৰ ব্যৰ্থ হোৱাৰ পিছতেই ৰাইজে নিজৰ ব্যৱস্থা নিজে কৰিবলগীয়া হৈছে ৷ বহুতে ভূগৰ্ভৰ পানী বোৰিং আদিৰে ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছে ৷ এতিয়া চৰকাৰে ইয়াৰ ওপৰতো জল কৰ আৰোপ কৰাৰ সিদ্ধান্ত লৈছে ৷
তেনেকৈ যোৱা এক এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুলো চৰকাৰে চৰাহাৰত বৃদ্ধি কৰিছে ৷ কোনো ধৰণৰ এনাৰ্জী অডিট আদি নকৰাকৈ অযুক্তিকভাৱে ৰাইজৰ কান্ধত অতিৰিক্ত বিদ্যুত মাচুল জাপি দিয়াটো কোনোপধ্যেই সমর্থনযোগ্য হ’ব নোৱাৰে ৷ আনহাতে ঘৰৰ হ'ল্ডিং নম্বৰ বিদ্যুত বিলৰ লগত সংযোগ কৰাৰ চৰকাৰৰ নিৰ্দেশনাই অগণন ৰাইজৰ চৰম হাৰাশাস্তিৰ সৃষ্টি কৰিছে ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা হ’ল্ডিং নম্বৰ সংযোগ নকৰিলে বিদ্যুত সংযোগ ছিন্ন কৰাৰ নিৰ্দেশ সম্পূৰ্ণৰূপে বেআইনী ৷