অসম

assam

CPIM press meet : মহানগৰীৰ পানী যোগান প্ৰকল্পৰ ব্যৰ্থতাৰ উচ্চ তদন্তৰ দাবী চিপিআই(এম)ৰ

By

Published : Jun 6, 2023, 6:01 PM IST

পুনৰ চৰ্চালৈ আহিছে পানী-যোগান আঁচনিৰ ৰূপায়ণৰ ক্ৰুটি -বিচ্যুতি, শোচনীয় ব্যৰ্থতা আৰু অনিয়মৰ বিষয় ৷ সুপ্রকাশ তালুকদাৰে কয় যে প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত হোৱা চূড়ান্ত বিলম্বক ঢাকিবৰ বাবে ততাতৈয়াকৈ আৰু প্ৰয়োজনীয় সুৰক্ষামূলক ব্যৱস্থা নোলোৱাকৈ মহানগৰীৰ একাংশ অঞ্চলত যিদৰে পানী যোগান আৰম্ভ কৰিলে তাৰ ফলত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে (CPIM press meet in Guwahati)৷

CPIM press meet in Guwahati
মহানগৰীৰ পানী যোগান প্ৰকল্পৰ ব্যৰ্থতাৰ উচ্চ তদন্তৰ দাবী চিপিআই(এম)ৰ

মহানগৰীৰ পানী যোগান প্ৰকল্পৰ ব্যৰ্থতাৰ উচ্চ তদন্তৰ দাবী চিপিআই(এম)ৰ

গুৱাহাটী, 6 জুন: মহানগৰীত ত্ৰাসৰ সৃষ্টি কৰিছে জাইকাৰ পানী যোগান আঁচনিৰ পাইপে ৷ শেহতীয়াকৈ মহানগৰীৰ খাৰঘূলি, মালিগাঁও আৰু শিলসাঁকোত পানীৰ পাইপ ফটাৰ পিচতেই এতিয়া পুনৰ চৰ্চালৈ আহিছে পানী-যোগান আঁচনিৰ ৰূপায়ণৰ ক্ৰুটি -বিচ্যুতি, শোচনীয় ব্যৰ্থতা আৰু অনিয়মৰ বিষয় ৷ এই সন্দৰ্ভত মঙলবাৰে চি পি আই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰে (CPIM press meet in Guwahati)। সংবাদমেল সম্বোধন কৰে ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰে (Failure of water supply project in Guwahati)।

সুপ্রকাশ তালুকদাৰে কয় যে বিশেষজ্ঞসকলে ইতিমধ্যে অভিমত প্ৰকাশ কৰিছে যে প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত হোৱা চূড়ান্ত বিলম্বক ঢাকিবৰ বাবে ততাতৈয়াকৈ আৰু প্ৰয়োজনীয় সুৰক্ষামূলক ব্যৱস্থা নোলোৱাকৈ মহানগৰীৰ একাংশ অঞ্চলত যিদৰে পানী যোগান আৰম্ভ কৰিলে তাৰ ফলত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে ৷ এইটো ধুৰূপ যে নিয়মীয়াভাৱে পৰীক্ষণৰ ব্যৱস্থা নকৰিলে ভৱিষ্যতে আৰু অধিক এনেধৰণৰ দুৰ্ঘটনা ঘটাৰ আশংকা আছে ৷ দুৰ্ঘটনাৰ পাচতো খাৰঘূলিৰ পাহাৰৰ বিস্তীৰ্ণ অঞ্চলত এই পাইপ এতিয়াও বিপজ্জনকভাৱে উন্মুক্ত হৈ আছে ৷

তালুকদাৰে লগতে কয় যে গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পৰ কাম ২০০৯ চনৰ মাৰ্চতে আৰম্ভ কৰা হৈছিল ৷ আনহাতে গুৱাহাটী দক্ষিণ-মধ্য প্ৰকল্প ২০১১ চনৰ ফেব্ৰুৱাৰীত, উত্তৰ গুৱাহাটী প্ৰকল্প ২০১৪ চনৰ জুলাইত আৰু গুৱাহাটী দক্ষিণ-পূব প্ৰকল্পৰ কাম ২০১৩ চনৰ আগষ্টত আৰম্ভ কৰা হৈছিল ৷ গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পৰ বাবে ৩৮৯ কোটি টকা, দক্ষিণ-মধ্য প্ৰকল্প আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ বাবে মুঠ প্ৰায় ১৯০০ কোটি টকা আৰু দক্ষিণ-পূব গুৱাহাটী প্ৰকল্পৰ বাবে ৮৫৭ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল ৷

গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পৰ বাবে ধনৰ যোগান ধৰিছিল জৱাহৰলাল নেহৰু নেচনেল আৰবান ৰিনিউৱেল মিছনে (জেএনএনইউআৰ এম) ৷ দক্ষিণ-মধ্য আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ বাবে ‘জাইকা’ (Japan International Co-operation agency) আৰু দক্ষিণ পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ বাবে এডিবি (Asian Development Bank)-এ পুঁজিৰ যোগান ধৰিছিল ৷

দক্ষিণ-পশ্চিম প্ৰকল্পৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য আছিল ২০১২ চনৰ মাৰ্চ , ইয়াৰ লগতে দক্ষিণ-মধ্য প্ৰকল্পৰ ২০১৫ চনৰ জানুৱাৰী, উত্তৰ গুৱাহাটী-প্ৰকল্পৰ ২০১৪ চনৰ জুলাই আৰু গুৱাহাটী দক্ষিণ-পূব প্ৰকল্পৰ বাবে সম্পূৰ্ণকৰণ সময় সীমা পুনৰ-নিৰ্ধাৰণ কৰি স্থিৰ কৰা হয় ২০২১ চনৰ ছেপ্টেম্বৰ ৷ কিন্তু প্ৰকল্পসমূহৰ কাম নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ ৷ তাৎপৰ্যপূৰ্ণ যে, উত্তৰ গুৱাহাটীৰ সৰু প্ৰকল্পটো বাদ দিলে বৃহৎ তিনিটা প্ৰকল্পৰ দুটা প্ৰকল্পৰ কামেই এতিয়া বন্ধ হৈ আছে ৷

সুপ্ৰকাশ তালুকদাৰে লগতে কয় যে প্ৰথমৰে পৰা প্ৰচণ্ড দুৰ্নীতি আৰু অনিয়ম আৰু চৰকাৰৰ শোচনীয় ব্যৰ্থতাৰ বাবেই কেতিয়াবাই সম্পূৰ্ণ হ’বলগীয়া ৩,১৪৬ কোটি টকা ব্যয়ৰ পানী যোগান প্ৰকল্পবোৰৰ আধাও এতিয়ালৈকে নিৰ্মাণ হোৱা নাই ৷ লুই বাৰ্জাৰ কেলেংকাৰীৰ মাজেৰে ইতিমধ্যে বৃহৎ দুৰ্নীতি আৰু অনিয়মৰ উমান পোৱা গৈছে ৷

উল্লেখ্যযোগ্য যে, ২০১৩ চনলৈকে গুৱাহাটী দক্ষিণ-মধ্য আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ প্ৰজেক্ট মেনেজমেণ্ট কনচালটেণ্ট (PMC)ৰ দায়িত্বত থকা লুই বাৰ্জাৰে মন্ত্ৰী-আমোলাসকলক উৎকোচ দিয়াৰ কথা সেই সময়তেই ৰাজহুৱা হৈছিল ৷ ইতিমধ্যে লুই বাৰ্জাৰ কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাই গোৱাৰ দুজন মন্ত্ৰীক গ্ৰেপ্তাৰো কৰা হৈছিল ৷

ইয়াৰোপৰি অসমৰ তৎকালীন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও এই কেলেংকাৰীত জড়িত থকাৰ স্পষ্ট অভিযোগ উঠিছিল ৷ যি বিজেপিয়ে এই অভিযোগ উত্থাপন কৰিছিল সেই দলেই হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ পাচত সেই অভিযোগক লৈ গোচৰ আৰু তদন্তক আগবঢ়াবলৈ নিদিলে ৷ খবৰ পোৱা মতে এই সংক্ৰান্তত ভঙাগড় থানাত ৰুজু হোৱা গোচৰত এফ আই আৰত নাম উল্লেখ থকা ব্যৱসায়ী এজন বৰ্তমান বিজেপি দলৰ বিধায়ক ৷

স্বাধীনতাৰ ৭৫ বছৰৰ পাচতো ৰাজধানী চহৰ গুৱাহাটীৰ ৭০ শতাংশ মানুহে খোৱাপানীৰ যোগানৰ পৰা বঞ্চিত হৈ থকাটোৱে ৰাজ্য চৰকাৰৰ উন্নয়নৰ স্বৰূপ উদঙাই দিছে ৷ চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে পানী যোগান প্ৰকল্পৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি অনিয়ম আৰু ব্যৰ্থতাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে ৷

লগতে পঢ়ক:JICA water pipe blast: পুনৰ শিলসাঁকোত ফাটিল জাইকাৰ পানীৰ পাইপ

ABOUT THE AUTHOR

...view details