গুৱাহাটী,4 মে’ঃলক্ ডাউনৰ মাজতে চিপিআই(এম) ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানমৰ্মে দেওবাৰে নিৰ্ধাৰিত বিভিন্ন দাবীৰ ভিত্তিত সমগ্ৰ ৰাজ্যজুৰি প্ৰতীকী ৰূপত পালন কৰা হয় দাবী দিৱস । দলটোৰ ৰাজ্যিক কমিটিৰ সিদ্ধান্ত অনুযায়ী লক্ ডাউন ভংগ নকৰি সামাজিক দুৰত্ব বজাই ৰাখি দলৰ সভ্য,সমৰ্থক আৰু শুভাকাংক্ষীসকলে ঘৰৰ চৌহদ বা জপনামুখত অন্ততঃ ১০ মিনিটৰ বাবে দাবী সম্বলিত প্লে’কাৰ্ড প্ৰদৰ্শনেৰে দাবী দিৱস পালন কৰে ৷
অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি পালন দাবী দিৱস - অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি পালন দাবী দিৱস
চিপিআই(এম) ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানমৰ্মে দেওবাৰে ৰাজ্যজুৰি পালন দাবী দিৱস ৷ লক্ ডাউন ভংগ নকৰাকৈ দলটোৱে পালন কৰে এই দিৱস ৷ অখিল গগৈৰ মুক্তিৰ দাবীয়েই আছিল মূলতঃ এই দিৱস পালনৰ উদ্দেশ্য ৷

CPI(M) celebrated dabi divas in assam
দাবী দিৱস পালন
আনহাতে, এই সন্দৰ্ভত ৰাজ্যিক কমিটিৰ নেতা সুপ্ৰকাশ তালুকদাৰে লক্ ডাউনৰ সময়ত যিসকল শ্ৰমিক কামলৈ যাব পৰা নাই সেইসকলক আৰ্থিক সাহায্যৰ লগতে মালিক পক্ষৰ পৰা বেতন সুনিশ্চিত কৰিবলৈ এই দিৱস পালন কৰা হয় বুলি জানিবলৈ দিয়ে ৷ কোনো শ্ৰমিকক যাতে মালিকপক্ষই লক্ ডাউন খোলাৰ পিছত কামৰ পৰা অব্যাহতি নিদিয়ে তাক সুনিশ্চিত কৰিবলৈ প্ৰকৃতাৰ্থত এই দিৱস পালন কৰা হয় ৷ দলটোৱে এই দিৱস পালনৰ জৰিয়তে কৃষক নেতা অখিল গগৈৰ লগতে সহযোগীসকলৰ চৰকাৰৰ ওচৰত মুক্তিৰ দাবী তোলে ৷
লগতে চাওকঃতেজপুৰত আদৰণি এম্বুলেঞ্চত উদ্ধাৰ গাঞ্জা