গুৱাহাটী,22 মাৰ্চ:বিজেপিক উৎখাত কৰিবলৈ অসমবাসী ৰাইজক আহ্বান জনাইছে চিপিআইএমএল লিবাৰেচনৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ ভট্টাচাৰ্যই ৷ গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰে দীপাংকৰ ভট্টাচাৰ্যই ৷ তেওঁ প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিন্ন প্ৰান্তত চাহ বিক্ৰী কৰাৰ কথা কয় ৷ কিন্তু মোডীয়ে দেশৰ ক’ত চাহ বিক্ৰী কৰিলে আমি দেখা নাপালো ৷ অৱশ্যে দেশ বিক্ৰী কৰা সকলোৱে দেখিছে ৷ দেশত এতিয়া কোম্পানীৰাজ চলিছে বুলি অভিযোগ কৰে চিপিআইএমএলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷
মোডীয়ে দেশ বিক্ৰী কৰাৰ অভিযোগ চিপিআইএমএলৰ - দিপাংকৰ ভট্টাচাৰ্য
দেশত এতিয়া কোম্পানীৰাজ চলিছে ৷ বিজেপিৰ দিনত দেশৰ সকলো ৰাজহুৱা সম্পত্তি এফালৰ পৰা বিক্ৰী হৈছে- এই মন্তব্য দীপাংকৰ ভট্টাচাৰ্যৰ ৷
উল্লেখ্য যে, সমাগত বিধানসভাৰ নিৰ্বাচনত চিপিআইএমএলৰ লগতে মহাজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ সমৰ্থনত আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলখন আয়োজন কৰে ৷ তেওঁ সংবাদমেলত মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থীক সমৰ্থন জনোৱাৰ লগতে বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁ বিজেপিৰ দিনত দেশৰ সকলো ৰাজহুৱা সম্পত্তি এফালৰ পৰা বিক্ৰী হৈছে বুলি অভিযোগ কৰি চিলিণ্ডাৰৰ মূল্য এহাজাৰ হ’ল বুলি অভিযোগ কৰে ৷ একেদৰে পে’ট্ৰলৰ মূল্য প্ৰায় এশ টকা হ’ল বুলি উল্লেখ কৰি প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে বুলি উল্লেখ কৰে ৷ কিন্তু ইয়াৰ পাছতো প্ৰধানমন্ত্ৰীয়ে সকলোৰে বিকাশৰ কথা কয় বুলি তেওঁ মন্তব্য কৰে ৷
লগতে পঢ়ক:বিবেক ভোট দিয়ক সোণোৱাল জনগোষ্ঠীয় লোকসকলেঃ:সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চ