গুৱাহাটী, ৯ এপ্ৰিলঃ চিপিআই(এম) ৰ দুগৰাকী প্ৰাক্তন বিধায়ক নিশীথ ৰঞ্জন দাস আৰু ৰামেন্দ্ৰ দে-য়ে COVID-19ৰ প্ৰতিৰোধ তথা চিকিৎসাৰ বাবে আগবঢ়ায় সাহাৰ্য পুঁজি । প্ৰাক্তন বিধায়ক দুগৰাকীয়ে বিধায়ক পেঞ্চনৰ পৰা ক্ৰমে একলাখ আৰু পঞ্চাশ হাজাৰ টকা আগবঢ়ায় ৰাজ্য চৰকাৰলৈ ।
COVID-19: চিপিআই(এম)ৰ প্ৰাক্তন বিধায়কে চৰকাৰলৈ আগবঢ়ালে ডেৰলাখ টকা - COVID-19: চিপিআই(এম)ৰ প্ৰাক্তন বিধায়কে চৰকাৰলৈ আগবঢ়ালে ডেৰলাখ টকা
বৃহস্পতিবাৰে COVID-19 প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰলৈ সাহাৰ্য পুঁজি আগবঢ়ায় চিপিআই(এম) ৰ দুগৰাকী প্ৰাক্তন বিধায়ক নিশীথ ৰঞ্জন দাস আৰু ৰামেন্দ্ৰ দে । বিধায়ক পেঞ্চনৰ পৰা দেৰ লাখ টকা আগবঢ়ায় প্ৰাক্তন বিধায়ক দুগৰাকীয়ে ।
COVID-19: চিপিআই(এম)ৰ প্ৰাক্তন বিধায়কে চৰকাৰলৈ আগবঢ়ালে ডেৰলাখ টকা
প্ৰাক্তন বিধায়ক দুগৰাকীয়ে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ একাউণ্টলৈ প্ৰেৰণ কৰে সাহাৰ্য পুঁজি । বৃহস্পতিবাৰে বিধায়ক দুগৰাকীয়ে আগবঢ়োৱা ডেৰলাখ টকা চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য আৰু ৰাজ্যিক সম্পাদকমণ্ডলীৰ জ্যেষ্ঠ সদস্য ইচফাকুৰ ৰহমানে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে ।
চিপিআই(এম)ৰ দুয়োগৰাকী প্ৰাক্তন বিধায়ক তথা দলৰ প্ৰবীণ নেতা নিশীথ ৰঞ্জন দাস আৰু ৰামেন্দ্ৰ দেক তেওঁলোকৰ এই জনহিতৈষী কাৰ্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে অসম ৰাজ্যিক কমিটিয়ে।