গুৱাহাটী প্ৰেছ ক্লাৱত চি পি আইৰ সংবাদমেল গুৱাহাটী, 1 জুলাই: 2024 চনৰ নিৰ্বাচনত বিজেপিক পৰাজিত কৰক; এই আহ্বান চিপিআইৰ ৰাষ্ট্ৰীয় সম্পাদক মণ্ডলীৰ সদস্য ডাঃ বি কে কাংগোৰ ৷ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত চি পি আইৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই আহ্বান জনাই কাংগোই লগতে কয় যে, বিজেপি চৰকাৰে ভাৰতৰ জনতাক সকলো প্ৰকাৰে শোষণ কৰিছে ৷ তেওঁলোকে ডিভাইড এণ্ড ৰুল পলিচিৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক বিপথে পৰিচালনা কৰি আহিছে ৷
তেওঁ কয় এতিয়া দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা অতি শোচনীয় হৈ পৰিছে ৷ মণিপুৰত অশান্ত পৰিস্থিতি চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশ ভ্ৰমণত ব্যস্ত হৈ পৰিছে ৷ তদুপৰি বিগত 50 দিনলৈ মণিপুৰৰ অশান্ত পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে ৷ এই কথাই ইয়াকে প্ৰমাণ কৰে যে এই সংঘাতৰ আঁৰত বিজেপি চৰকাৰ জড়িত আছে ৷
মণিপুৰক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে ৷ ইয়াৰ সমাধান ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ৷ সকলো সম্প্ৰদায়ে এটাই আনটোৰ লগত কথা পাতক ৷ চৰকাৰে তাতে শান্তি ঘূৰাই আনক ৷ ইয়াৰ পিছতহে ৰাজনৈতিক সমাধান উলিয়াব পৰা যাব বুলি কয় নেতাগৰাকীয়ে ৷ এনে কৰ্ম-কাণ্ডত বিজেপি চৰকাৰৰ আত্মনিৰ্ভৰশীল ভাৰতৰ ফোঁপোলা স্বৰূপ ওলাই পৰিছে বুলিও কয় তেওঁ ৷
ভাৰতৰ অৰ্থনৈতিক অৱস্থা ইমানেই শোচনীয় হৈছে যে বৰ্তমান দেশত নিবনুৱা সমস্যা ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ বিজেপি চৰকাৰে কেৱল ভাৰতীয় সম্পত্তি বিক্ৰীত উঠি পৰি লাগিছে ৷ 2021 চনতে হ’ব লগীয়া লোক পিয়ল এতিয়াও হৈ নুঠিল ৷ বিজেপি চৰকাৰৰ সৱকা সাথ, সবকা বিকাশ কিমান কৰিলে এই কথা এতিয়া জনসাধাৰণে উপলব্ধি কৰিছে ৷ সেয়েহে এইবাৰ সকলো বিৰোধী দল-সংগঠন এক গোট হৈ বিজেপি হাটাও , দেশ বছাও নীতি গ্ৰহণ কৰক ৷ এই সন্দৰ্ভত আমাৰ চি পি আই অব ইণ্ডিয়াৰ 20 সংখ্যক অধিবেশন পাটনাৰ বিজয়দাত যোৱা 23 জুনত অনুষ্ঠিত হয় ৷ আনহাতে জুলাই মাহত চিমলাত এই সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰিবলৈ দলে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও কয় তেওঁ ৷
লগতে পঢ়ক:Illegal Bangladeshi Infiltrator: মটৰ চাইকেলেৰে অসমত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী যুবকৰ পৰিচয় উদ্ধাৰ