অসম

assam

ETV Bharat / state

পূজাৰ চান্দা বিচাৰি ব্যৱসায়ীক কৰিব নোৱাৰিব হাৰাশাস্তিঃ কঠোৰ মহানগৰ আৰক্ষী

শেহতীয়াকৈ একাংশই দুৰ্গা পূজাৰ নামত দাবী ধমকি দি সংগ্ৰহ কৰিছিল ধন । এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাচতেই তৎপৰ হৈছে মহানগৰ আৰক্ষী ।

By

Published : Sep 30, 2019, 10:02 PM IST

Updated : Sep 30, 2019, 10:23 PM IST

পূজাৰ চান্দাৰ নামত ব্যৱসায়িক হাৰাশাস্তি!

গুৱাহাটী, 30 ছেপ্টেম্বৰঃ পূজাৰ চান্দাৰ নামত ব্যৱসায়িক হাৰাশাস্তি কৰা পূজা কমিটিৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষী । শেহতীয়াকৈ একাংশই দুৰ্গা পূজাৰ নামত দাবী ধমকি দি সংগ্ৰহ কৰিছিল ধন । এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাচতেই তৎপৰ হৈছে মহানগৰ আৰক্ষী । এতিয়াৰে পৰা কোনোৱে হেচাঁ প্ৰদান কৰি সংগ্ৰহ কৰিব নোৱাৰিব চান্দা । যদিহে এনে অভিযোগ লাভ কৰে তেন্তে চান্দা সংগ্ৰহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ।

ইফালে মহানগৰীত এটা বহিঃৰাজ্যৰ ATM চোৰৰ দলে পিয়াপি দি ফুৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । মুঠ চাৰিজনীয়া এই দুৰ্বৃত্তৰ দলটোৰ হাতত আছে ATM মেচিন খুলিব পৰা অত্যাধুনিক সা-সৰঞ্জাম । ১০ দিন পূৰ্বে মহানগৰীত প্ৰৱেশ কৰি পল্টনবজাৰৰ চমিয়া হোটেলত বাহৰ পাতিছিল দলটোৱে । দেওবাৰে সাওকুচীত ATM চুৰি কৰিবলৈ আহোতে আৰক্ষীয়ে হাতে-লোটে ধৰিছিল গেংটোৰ আৰিফ নামৰ এজন সদস্যক । ধৃত চোৰটোৱে ইতিমধ্যেই তেওঁলোকৰ পৰিকল্পনাৰ কথা আৰক্ষীৰ আগত প্ৰকাশ কৰিছে । যাৰ বাবে গেংটোৰ সন্ধানত নামি পৰিছে মহানগৰ আৰক্ষী । ATM ৰ কাষত সন্দেহজনক লোক প্ৰত্যক্ষ কৰিলেই আৰক্ষী জনাবলৈ ৰাইজক আহ্বান জনাই আৰক্ষী আয়ুক্ত দীপক কুমাৰে ।

পূজাৰ চান্দাৰ নামত ব্যৱসায়িক হাৰাশাস্তি!
Last Updated : Sep 30, 2019, 10:23 PM IST

ABOUT THE AUTHOR

...view details