অসম

assam

ETV Bharat / state

২৪ ঘণ্টাত কৰ'ণাই প্ৰাণ ল'লে ৰাজ্যৰ ৯০ গৰাকী লোকৰ - ক’ভিড 19

বিগত ২৪ ঘণ্টাত কৰ'ণাই প্ৰাণ ল'লে ৰাজ্যৰ ৯০ গৰাকী লোকৰ । ৫,৬৯৯ গৰাকীৰ দেহত ধৰা পৰে ক'ভিডৰ উপস্থিতি । আক্ৰান্তৰ হাৰ ৪.৯১ শতাংশলৈ হ্ৰাস । আৰোগ্য লাভ কৰিছে ৬,২৬৬ গৰাকী লোকে । গুৱাহাটীত আক্ৰান্তৰ হাৰ কিছু হ্ৰাস পাইছে যদিও ৰাজ্যৰ গ্ৰামাঞ্চল, মফচলীয়া চহৰ-নগৰ, চাহ বাগান আদিত উদ্বেগজনকভাৱে কৰ'ণাৰ সংক্ৰমণ হৈছে ।

covid19-assam-cross-three-thousand-death
২৪ ঘণ্টাত কৰ'ণাই প্ৰাণ ল'লে ৰাজ্যৰ ৯০ গৰাকী লোকৰ

By

Published : May 27, 2021, 10:41 PM IST

গুৱাহাটী, 27 মে’ : আক্ৰান্তৰ হাৰ কিছু হ্ৰাস পালেও ৰাজ্যত এতিয়াও অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । বিশেষকৈ মৃত্যুৰ হাৰ হ্ৰাস পোৱা নাই । ৰাজ্যখনত এতিয়ালৈকে ক'ভিডৰ বাবে তিনি সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱালে । বিগত ২৪ ঘণ্টাত কৰ'ণাই প্ৰাণ ল'লে ৰাজ্যৰ ৯০ গৰাকী লোকৰ । ইয়াৰ লগে লগে কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,০০৫ গৰাকীলৈ বৃদ্ধি পালে । আনহাতে অন্য ৰোগৰ বাবে ক'ভিড আক্ৰান্ত ১,৩৪৭ গৰাকী লোকৰ এতিয়ালৈকে মৃত্যু হৈছে । ক'ভিডত মৃত্যু হোৱা লোকৰ হাৰ ০.৭৮ শতাংশ । আনহাতে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১,১৬,১১৯ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৫,৬৯৯ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । সেই হিচাপত আক্ৰান্তৰ হাৰ হৈছে ৪.৯১ শতাংশ। উল্ল‍েখ্য যে, আক্ৰান্তৰ হাৰ কিছু দিন পূৰ্বে প্ৰায় ১০ শতাংশ আছিল । সেই হাৰ ক্ৰমাৎ হ্ৰাস পাব ধৰিছে যদিও এতিয়াও ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই । বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ৬৭০ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৮ গৰাকী লোকৰ ।

২৪ ঘণ্টাত কৰ'ণাই প্ৰাণ ল'লে ৰাজ্যৰ ৯০ গৰাকী লোকৰ

ৰাজ্যখনত এতিয়ালৈকে ১,০৫,০৪,৫৩৮ গৰাকী লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ইয়াৰ ভিতৰত ৩,৮৬,৮৭০ গৰাকীৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে । ইতিমধ্যে সুস্থ হৈছে ৩,২৯,৬৩৪ গৰাকী ক'ভিড ৰোগী আৰু বৰ্ত্তমান সক্ৰিয় হৈ আছে ৫২,৮৮৪ গৰাকী ক'ভিড ৰোগী। ক'ভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৮৫.২১ শতাংশ । আনহাতে বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৬,২৬৬ গৰাকী লোকে ।

২৪ ঘণ্টাত কৰ'ণাই প্ৰাণ ল'লে ৰাজ্যৰ ৯০ গৰাকী লোকৰ

ইফালে ২৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ভেকচিন প্ৰদান প্ৰক্ৰিয়াই এতিয়ালৈকে অসমৰ ৩৯,৩৩,৮৮৪ গৰাকী লোকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰত ৩১,২০,২২৬ গৰাকী লোকে প্ৰথম পালি আৰু ৮,১৩,৬৫৮ গৰাকী লোকে দ্বিতীয় পালি লাভ কৰিবলৈ সক্ষম হৈছে । এতিয়াও প্ৰায় দুই কোটি লোকে ভেকচিন পাবলৈ বাকী আছে ।

২৪ ঘণ্টাত কৰ'ণাই প্ৰাণ ল'লে ৰাজ্যৰ ৯০ গৰাকী লোকৰ

উল্লেখ্য যে, আক্ৰান্তৰ হাৰ হ্ৰাস পালেও ক'ভিড পৰিস্থিতিক লৈ ৰাজ্যবাসী আশ্বস্ত হ'ব পৰা নাই । প্ৰতিখন মেডিকেল কলেজৰ আই চি ইউত এতিয়া সংকটজনক ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে । ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো সংকটজনৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । লক্ষণীয় বিষয় যে গুৱাহাটীত আক্ৰান্তৰ হাৰ কিছু হ্ৰাস পাইছে যদিও ৰাজ্যৰ গ্ৰামাঞ্চল, মফচলীয়া চহৰ-নগৰ, চাহ বাগান আদিত উদ্বেগজনকভাৱে কৰ'ণাৰ সংক্ৰমণ হৈছে । এনে ঠাইত আক্ৰান্তই হোম আইছ'লেচনৰ নামত কোনোধৰণৰ ক'ভিড নীতি-নিৰ্দেশনা নামানি মুক্তমনে বিচৰণ কৰাৰ ফলতেই পৰিস্থিতিৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: হোৱাইট ফাংগাছৰ বিৰল ঘটনা: ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ আৰু খাদ্যনলীত সংক্ৰমণ

ABOUT THE AUTHOR

...view details