গুৱাহাটী, ৫ ছেপ্টেম্বৰ : দিছপুৰ প্ৰেছ ক্লাৱে দেওবাৰে কৰ'ণা অতিমাৰীৰ সময়ত মানৱ সেৱাৰ্থে অহোপুৰুষাৰ্থ কৰা ৰাজ্যৰ বহু বিশিষ্ট লোকক সন্মান জনায় । প্ৰেছ ক্লাৱৰ সভাপতি নৰেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা, প্ৰাক্তন আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈ, বিশিষ্ট সমাজকৰ্মী শংকৰ দাস, জ্যেষ্ঠ সাংবাদিক বৈকুন্ঠ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।
দিছপুৰ প্ৰেছ ক্লাৱৰ তৰফৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ চন্দ্ৰ বৈশ্য, অধীক্ষক ডাঃ অভিজিৎ শৰ্মা, নগৰ আৰু গাঁও পৰিকল্পনা অসমৰ মুখ্য অভিযন্তা দেৱজিৎ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা বিশ্বদ্বীপ দাস, কেমিষ্ট এণ্ড ড্ৰাগিষ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সভাপতি এন এল আগৰৱাল আৰু জিতু বৰ্মন, সমাজকৰ্মী ৰবী চৌধুৰী, বিধানসভা স্বাস্থ্য কেন্দ্ৰৰ ভেষজ বিষয়া সুধীৰ চন্দ্ৰ সাহা, ডি চি পি শুভ্ৰজ্যোতি বৰা, সাংবাদিক পুলিন্দ্ৰ দেৱ শৰ্মা, কৌশিক কুমাৰ ডেকা, বলোৰাম দাস, জয়ন্ত কুমাৰ দাস, দিব্যজ্যোতি ৰাভা, সমাজকৰ্মী মুন আলী, বাতৰি বিতৰক ভৱেন বৰ্মনক সম্বৰ্ধনা জনায় ।