গুৱাহাটী, ২৯ জানুৱাৰী : অসমত ক'ভিড টীকাকৰণৰ কাম দ্ৰুত গতিৰে আগবাঢ়িছে । শুকুৰবাৰলৈকে ৰাজ্যৰ ৩৩ খন জিলাত ইতিমধ্যে এই টীকাকৰণৰ কাম চলি আছে । কালি পৰ্যন্ত অৰ্থাৎ ২৮ জানুৱাৰীলৈকে প্ৰায় ২৯ হাজাৰ লোকক ভেকচিন প্ৰদান কৰা হৈছে ।
শুকুৰবাৰে ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম) ৰ অসমৰ মিছন ডাইৰেক্টৰ ডঃ লক্ষ্মণন এছে ।
তেওঁ লগতে আৰু কয় যে, অসমৰ ৩৩ খন জিলাৰ ১৭৭ টা কেন্দ্ৰত সফলতাৰে এই ভেকচিন প্ৰদান কৰি থকা হৈছে । শুকুৰবাৰলৈ প্ৰায় ৪০ হাজাৰ স্বাস্থ্যকৰ্মী, নাৰ্চ, চিকিৎসক আদিক এই ভেকচিন প্ৰদানৰ কাম সম্পূৰ্ণ হৈ উঠাৰ তথ্য প্ৰকাশ কৰে মিছন ডাইৰেক্টৰ গৰাকীয়ে ।