নিউজ ডেস্ক, 5 মে’: সমগ্ৰ দেশৰ লগতে ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি পোৱা কৰ’ণা সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ 18 বছৰ বয়সৰ পৰা 45 বছৰৰ উৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়া কৰ’ণা ভেকচিনৰ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷
মঙলবাৰৰ দিনটোলৈ ৰাজ্যত 45 বছৰৰ উৰ্ধৰ লোকসকলৰ বাবেহে ভেকচিন উপলব্ধ আছিল যদিও বুধবাৰৰ পৰা 18-44 বছৰৰ সকলো লোকে ল’ব পাৰিব কৰ’ণা প্ৰতিষেধক ৷
টুইটযোগে এই কথা ঘোষণা কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা অনুসৰণ কৰি গুৱাহাটী প্ৰেছ ক্লাৱত ভেকচিন মুকলি কৰে হিমন্ত বিশ্ব শৰ্মাই ৷