গুৱাহাটী, 30 মে’ : আগন্তুক সোমবাৰ অৰ্থাৎ 31 মে’ৰ পৰা ৰাজ্যত 18 বছৰৰ পৰা 45 বছৰ পৰ্যন্ত বয়সৰ লোকে ল’ব নোৱাৰিব ক’ভিড ভেকচিন ৷ দেওবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সাংবাদিকক সম্বোধন কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
সোমবাৰৰ পৰা ৰাজ্যত 18-45 বছৰৰ লোকৰ বাবে উপলব্ধ নহয় ভেকচিন - হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যত 31 মে’ৰ পৰা 18 বছৰৰ পৰা 45 বছৰৰ বয়সৰ লোকে নাপাব ক’ভিড ভেকচিন ৷ অৱশ্যে আগন্তুক জুন মাহত কেন্দ্ৰই এই পৰ্যায়ৰ লোকৰ বাবে 7 লাখ ভেকচিন পুনৰ ৰাজ্যলৈ প্ৰেৰণ কৰিব ৷ দেওবাৰে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
![সোমবাৰৰ পৰা ৰাজ্যত 18-45 বছৰৰ লোকৰ বাবে উপলব্ধ নহয় ভেকচিন covid vaccine not available for 18 to 44 years people in assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11956049-thumbnail-3x2-c.jpg)
সোমবাৰৰ পৰা ৰাজ্যত 18-45 বছৰৰ লোকৰ বাবে উপলব্ধ নহয় ভেকচিন
তেওঁ জনোৱা মতে, এই পৰ্যায়ৰ লোকৰ বাবে এতিয়া মাত্ৰ 25,000 ভেকচিনহে মজুত আছে। অৱশ্যে আগন্তুক জুন মাহত এই পৰ্যায়ৰ লোকৰ বাবে 7 লাখ ভেকচিন পুনৰ অসমলৈ প্ৰেৰণ কৰিব কেন্দ্ৰই ৷ ইফালে 45 বছৰৰ উৰ্ধৰ লোকৰ বাবে এতিয়াও ৰাজ্যত পৰ্যাপ্ত পৰিমাণে ভেকচিন মজুত আছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই সদৰি কৰে ৷
লগতে পঢ়ক :ড্ৰাগছ কিনি ৰাইজৰ ৰোষত পৰিল এজন যুৱক