গুৱাহাটী, ২৮ ডিচেম্বৰ: দেশত COVID-১৯ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে দেশৰ চাৰিখন ৰাজ্য ক্ৰমে অসম, পঞ্জাৱ, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশত কেন্দ্ৰীয় চৰকাৰে আজিৰে পৰা পৰীক্ষণমূলক অভিযান আৰম্ভ কৰিছে । ইয়াৰ বাবে প্ৰতিখন ৰাজ্যৰ দুখনকৈ জিলাক বাচনি কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনা অনুসৰি, অসমতো এই অভিযান আৰম্ভ হৈছে ।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম)ৰ তত্বাৱধানত এই অভিযান আৰম্ভ কৰা হৈছে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন ডাইৰেক্টৰ ড০ লক্ষ্মণন এছে আজি এই সন্দৰ্ভত ই টি ভি ভাৰতৰ আগত প্ৰকাশ কৰে যে অসমৰ দুখন জিলা ক্ৰমে নলবাৰী আৰু শোণিতপুৰক এই পৰীক্ষণমূলক অভিযানৰ বাবে বাচনি কৰা হৈছে । আজি পুৱাৰে পৰা এই দুয়োখন জিলাতে পৰীক্ষণমূলক অভিযান আৰম্ভ কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে ।