গুৱাহাটী, 16 জানুৱাৰী :শনিবাৰৰ পৰা দেশজুৰি আৰম্ভ কৰা হৈছে ক’ভিড-19 ৰ টীকাকৰণ ৷ ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো আৰম্ভ কৰা হৈছে টীকাকৰণ প্ৰক্ৰিয়া ৷ 12 গৰাকী জ্যেষ্ঠ চিকিৎসকক প্ৰথমে প্ৰদান কৰা হয় ক’ভিড-19 ৰ ভেকচিন ৷ এই কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ৷ পোন প্ৰথমে প্ৰতিষেধক গ্ৰহণ কৰা চিকিৎসক কেইজন হৈছে ডাঃ উমেশ শৰ্মা, ডাঃ ধ্ৰুৱজ্যোতি শৰ্মা, পদ্মশ্রী ডাঃ ইলিয়াছ আলী, ডাঃ বিভাষ চন্দ্র গোস্বামী, ডাঃ সুভাষ খান্না, ডাঃ হৰ্ষ ভট্টাচাৰ্য, ডাঃ ৰথীন্দ্র বৰ্মন, ডাঃ অচ্যুৎ বৈশ্য ডাঃ অভিজিৎ শৰ্মা, ডাঃ ব্রজেন লহকৰ, ডাঃ মনোজ অধিকাৰী ।
অসমত ইতিমধ্যে ২,২১,৫০০ ভেকচিন আহি পাইছে ৷ কোভিশ্বিল্ড লোৱাৰ পূৰ্বে অনুমতি প্রদান কৰিব লাগিব বুলি মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে সদৰি কৰিছিল ৷ মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, দেশত ৩০ কোটিতকৈ অধিক লোকক টীকাকৰণত সামৰি লোৱা হ’ব । ইয়াক বিভিন্ন স্তৰত প্ৰদান কৰা হ’ব ।