গুৱাহাটী, ১৬ মাৰ্চ : অসমত বুধবাৰৰ পৰা আৰম্ভ হৈছে ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী (Covid vaccination for teenagers)। গুৱাহাটীৰ ৰুক্মিণীগাওঁ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa launched vaccination program)।
উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ কন্যাই প্ৰথমতে গ্ৰহণ কৰে ভেকচিন । ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক ক'ৰ্বেভেক্স (Corbevax) প্ৰতিষেধক প্ৰদান কৰা হৈছে (Corbevax for teenagers)।
ক'ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী এই প্ৰতিষেধকে ১২-১৪ বছৰ বয়সৰ ১৩.৪৮ লাখ কিশোৰ-কিশোৰীক সামৰি ল'ব । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক'ভিড অতিমাৰীৰ বাবে আমি আৰ্থিকভাৱে বহু পিছ পৰি ৰ'লো । দুটা বছৰে এই মহামাৰীয়ে আমাক জুৰুলা কৰি পেলালে । কিন্তু অৱশেষত দুটা বছৰৰ সংগ্ৰামৰ পিছত বিগত কেইটা দিনত এজনো ক'ভিড ৰোগী চিনাক্ত হোৱা নাই ।
তেওঁ কয় যে আমি ২০১৯ৰ সেই দিনবোৰ ঘূৰাই পাম । অ'মিক্ৰণ অহাৰ পূৰ্বেই ভাৰতত ক'ভিড ভেকচিন দিয়া আৰম্ভ হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যাৰ বাবে অ'মিক্ৰণে বেছি ক্ষতি কৰিব নোৱাৰিলে । তেওঁ লগতে কয় যে আমি ভাৰতত ক'ৰ্বেভেক্স নামৰ এটা নতুন ভেকচিন পালো ।
ক'ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী ভেকচিন যে সুৰক্ষিত সেই কথা ৰাইজক জনাবলৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিজৰ ছোৱালীক ভেকচিন দিয়াবলৈ লৈ আহিছে । ক'ভিডৰ পৰা বাচি থাকিবলৈ ভেকচিন লোৱাটো নিতান্তই প্ৰয়োজন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক'ভিড কেতিয়া কি ৰূপত আহিব পাৰে কোনেও নাজানে । সেয়ে আমাৰ সকলো স্তৰৰ লোকেই ভেকচিন ল'ব লাগে । ৰাজ্যৰ সকলো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক ভেকচিন প্ৰদানৰ বিষয়টোত সজাগ হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ।
ক'ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ২০১০ চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্ম লাভ কৰা ১২-১৪ বছৰৰ সমূহ কিশোৰ-কিশোৰীৰ অভিভাৱকক তেওঁলোকৰ সন্তানক নিকটৱৰ্তী ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত টীকাকৰণ কৰাবলৈ অনুৰোধ জনায় । অনুষ্ঠানত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, জিলা উপায়ুক্ত, চিকিৎসা শিক্ষা সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
লগতে পঢ়ক :ক’ভিড টীকাকৰণ : ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব Corbevax