অসম

assam

ETV Bharat / state

২৪ ঘণ্টাত ৰাজ্যত দহগৰাকী ক'ভিড ৰোগীৰ মৃত্যু - কামৰূপ মহানগৰ জিলাতেই আক্ৰ‍ন্ত হৈছে ৬৮০গৰাকী লোক

নতুনকৈ ১,৯৩১ গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত । কামৰূপ মহানগৰ জিলাতেই আক্ৰ‍ন্ত হৈছে ৬৮০গৰাকী লোক । কৰ’ণা আক্ৰান্তৰ হাৰ হৈছে ২.৬৩ শতাংশ ।

২৪ ঘণ্টাত দহগৰাকী ক'ভিড ৰোগীৰ মৃত্যু
২৪ ঘণ্টাত দহগৰাকী ক'ভিড ৰোগীৰ মৃত্যু

By

Published : Apr 23, 2021, 1:36 PM IST

গুৱাহাটী, ২৩ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমত ভয়াৱহ হাৰত তথা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাৰ সংক্ৰমণ । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ১,৯৩১ গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে ১০ গৰাকী ৰোগীৰ মৃত্যু হয় । আনহাতে কেৱল কামৰূপ মহানগৰ জিলাতেই ৬৮০ গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণাত । কৰ'ণাত মৃত্যু হোৱা তিনিগৰাকী লোক কামৰূপ মহানগৰ জিলাৰ, দুগৰাকী কাৰ্বি আংলং জিলাৰ আৰু একোগৰাকীকৈ বৰপেটা, ডিব্ৰুগড়, কৰিমগঞ্জ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাৰ ।

২৪ ঘণ্টাত ৰাজ্যত দহগৰাকী ক'ভিড ৰোগীৰ মৃত্যু

বৰ্তমান অসমত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ১০,৫৭১ গৰাকীলৈ বৃদ্ধি পালে । আনহাতে বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ হাৰ ২.৬৩ শতাংশলৈ বৃদ্ধি পালে । বৰ্তমানলৈ ৰাজ্যখনত কৰ'ণাত আক্ৰান্তৰ সংখ্যা হৈছে ২,৩১,০৬৯ গৰাকী । ইয়াৰে ২,১৭,৯৯১ গৰাকী ক'ভিড ৰোগী সুস্থ হৈছে । ৰাজ্যখনত ক'ৰনাত মৃত্যু হোৱাৰ হাৰ ০.৫০ শতাংশ । উল্লেখ্য যে, ক'ভিড আক্ৰান্তৰ গৰিষ্ঠ সংখ্যকেই হোম কোৱাৰেন্টাইনত আছে ।

কৰ’ণা আক্ৰান্তৰ হাৰ হৈছে ২.৬৩ শতাংশ

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৭৩,৪২৮ গৰাকী লোকৰ ক'ৰণা পৰীক্ষা কৰা হৈছিল । ইয়াৰ ভিতৰত ১,৯৩১ গৰাকীৰ দেহত ক'ৰণাৰ অৱস্থিতি ধৰা পৰে । সেই হিচাপত কৰ’ণা আক্ৰান্তৰ হাৰ হৈছে ২.৬৩ শতাংশ । এতিয়ালৈকে অসমত মুঠ ৮০,৯৮,৯৫৬ গৰাকী লোকৰ কৰ’ণা পৰীক্ষা কৰা হৈছে । ইফালে, ৰাজ্যত অব্যাহত আছে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া । এতিয়ালৈকে ৰাজ্যৰ ১৮,২২,৮৭৯ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ১৪,৫৪,৩৭৭ গৰাকীক প্ৰতিষেধকৰ প্ৰথম পালি আৰু ৩,৬৮,৫০২ গৰাকীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে ।

কামৰূপ মহানগৰ জিলাতেই আক্ৰ‍ন্ত হৈছে ৬৮০গৰাকী লোক

উল্লেখ্য যে, বিগত দহ দিনত অৰ্থাৎ ১৩ এপ্ৰিলৰ পৰা ২২ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৪,২৪২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ বিপৰীতে ক্ৰমে কামৰূপ গ্ৰাম্য জিলাত ৭০৭ গৰাকী, ডিব্ৰুগড়ত ৬৫৯ গৰাকী, নগাঁৱত ৪৩০ গৰাকী, শোণিতপুৰত ৪২৫ গৰাকী, তিনিচুকীয়াত ৩৫২ গৰাকী, যোৰহাটত ৩২২ গৰাকী, বৰপেটাত ২৭২ গৰাকী, কাৰ্বি আংলঙত ২৩৯ গৰাকী আৰু কাছাৰত ২৩৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । উল্লেখ্য যে, গুৱাহাটী মহানগৰীত কৰ'ণাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে । গুৱাহাটীত এদিনত ১০০০ লোক আক্ৰান্ত হ'লে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে ।

লগতে পঢ়ক: জোনাইৰ পথ দুর্ঘটনাত নিহত শিক্ষক


ABOUT THE AUTHOR

...view details