অসম

assam

ETV Bharat / state

ক’ভিড পৰিস্থিতি সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে?

ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ তৎপৰ ৰাজ্য চৰকাৰ ৷ ক’ভিডৰ নতুন নীতি-নিয়ম সঠিকভাৱে পালন কৰাৰ বাবে শেহতীয়াকৈ ৰাজ্যত ক’ভিডত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

By

Published : May 21, 2021, 12:30 PM IST

cm concern about covid
ক’ভিড পৰিস্থিতিক লৈ তৎপৰ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, 21 মে’ :সমগ্ৰ দেশৰ লগতে অসমতো ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড মহামাৰীক লৈ সৰৱ হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ শেহতীয়াকৈ বহু ঠাইত গৈ বহুকেইখন চিকিৎসালয় পৰিদৰ্শন কৰি ক’ভিড পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অসম আৰোগ্য নিধিলৈ 50 কোটি টকাৰ এখন চেক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ হাতত অৰ্পণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ এই চেকৰ জৰিয়তে সাধ্যানুসাৰে বৰঙণি প্ৰদান কৰি টীকাকৰণ কাৰ্যসূচীক এক ‘জন আন্দোলন’ৰ ৰূপ দিবলৈ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইফালে ৰাজ্যত বৃহস্পতিবাৰৰ দিনটোলৈ মুঠ 36,19,975 পালি ক’ভিড ভেকচিন প্ৰদান কৰাৰ বিপৰীতে বৃহস্পতিবাৰে 50,149 পালি ভেকচিন প্ৰদান কৰা হয় ৷ টুইটযোগে এই তথ্য সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

আনহাতে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত 6,573 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 74 গৰাকী লোকৰ ৷ কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 1,084 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱা বুলি মুখ্যমন্ত্ৰী শৰ্মাই সদৰি কৰে ৷

নতুনকৈ গঠন হোৱা ৰাজ্য চৰকাৰখনে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যতে আংশিক লকডাউন জাৰি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ যাৰ ফলস্বৰূপে বিগত কিছুদিনৰ পৰা ৰাজ্যত ক’ভিডত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা হ্ৰাস পাইছে ৷

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ক’ভিডৰ নতুন নীতি-নিয়ম সঠিকভাৱে পালন কৰাৰ বাবে ৰাজ্যত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ৷

বৃহস্পতিবাৰে সন্ধিয়া ভাগত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে তেওঁৰ গুৱাহাটীস্থিত বাসগৃহত এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । উক্ত আলোচনাত ক’ভিড ব্যৱস্থাপনা আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ত অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :বঙাইগাঁৱত স্বাস্থ্যকৰ্মীয়ে ভংগ কৰিলে ক'ভিড প্ৰট'কল

ABOUT THE AUTHOR

...view details