অসম

assam

ETV Bharat / state

অসমৰ সাংবাদিকৰ স্বাস্থ্যৰ প্ৰতি সচেতন সিদ্ধান্ত প্ৰশাসনৰ - ক'ভিড-19

সদায় খবৰ যোগান ধৰা সাংবাদিকসকল সম্প্ৰতি নিজেই হৈ পৰিছে খবৰ ৷ দেশত ইজনৰ পিছত সিজন সাংবাদিকে প্ৰাণ হেৰুৱাইছে ক'ভিড-19 ত আক্ৰান্ত হৈ ৷ এই সময়তেই অসমৰ সাংবাদিকসকলৰ স্বাস্থ্যৰ বাবে সচেতন হৈ প্ৰশাসনে হাতত লৈছে প্ৰশংসনীয় পদক্ষেপ ৷

covid-test-of-journalist-in-assam
অসমৰ সাংবাদিকৰ স্বাস্থ্যৰ প্ৰতি সচেতন সিদ্ধান্ত প্ৰশাসনৰ

By

Published : May 1, 2021, 8:49 PM IST

নিউজ ডেস্ক,1 মে’:সমগ্ৰ দেশৰ লগতে ভয়ংকৰ ক’ভিড পৰিস্থিতিৰ সন্মুখীন হৈছে অসম ৷ নিতৌ ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড 19 ত আক্ৰান্তৰ সংখ্যা । ইফালে 2 মে’ত ঘোষণা কৰা হ’ব বহু প্ৰত্যাশিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে ইতিমধ্যে ভোট গণনাৰ সময়খিনিৰ বাবে বান্ধি দিছে যথেষ্ট কঠোৰ নীতি-নিয়ম ৷

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ থকা সাংবাদিকসকলৰ স্বাস্থ্যৰ প্ৰতিও এতিয়া সচেতন হৈছে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসন ৷ 2 মে’ৰ ভোট গণনাৰ পূৰ্বে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে সাংবাদিকসকলৰ বাবে ৰেপিড এণ্টিজেন আৰু আৰটিপিচিআৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷

অসমৰ সাংবাদিকৰ স্বাস্থ্যৰ প্ৰতি সচেতন সিদ্ধান্ত প্ৰশাসনৰ

উল্লেখ্য যে, এই পৰীক্ষাৰ পিছত ক’ভিড সংক্ৰমণহীন বুলি চিনাক্ত হোৱা সাংবাদিকক সকলেহে বাতৰি সংগ্ৰহ কৰিবলৈ ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰাৰ অনুমতি পাব ৷ ৰাজ্যৰ কেইবাখনো জিলাত প্ৰশাসনৰ দ্বাৰা সাংবাদিকক প্ৰদান কৰা হৈছে ক’ভিডৰ প্ৰতিষেধক ৷ মন কৰিবলগীয়া কথা যে, ৰাজ্যত বৰ্তমানলৈকে ক’ভিড 19 ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে 1,307 গৰাকীকৈ লোকে ৷

লগতে পঢ়ক :গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিক-সংবাদকৰ্মীৰ বাবে কৰ'ণাৰ ভেকচিন

ABOUT THE AUTHOR

...view details