গুৱাহাটী,16জুলাই: ৰাজ্যজুৰি অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ ৷ সাতখন জিলাক সম্পূৰ্ণ কনটেইনমেণ্ট জ'ন ঘোষণা কৰাৰ উপৰি বাকী জিলাসমূহত প্ৰযোজ্য হৈ আছে ক'ভিডৰ কঠোৰ নীতি-নিৰ্দেশনা । তৎস্বত্বেও ক'ভিডৰ সংক্ৰমণ ৰোধ হোৱা নাই । যাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ।
দুপালি ভেকচিন পাচতো ৰে'লৱে ষ্টেচন আৰু বিমানবন্দৰত COVID TEST বাধ্যতামূলক ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পুনৰ নতুন নিৰ্দেশনা জাৰি কৰিছে । এতিয়াৰে পৰা ক'ভিডৰ দুটা পালি ভেকচিন ল'লেও ৰে'লৱে আৰু বিমান বন্দৰত যাত্ৰীসকলে ক'ভিড টেষ্ট কৰিব লাগিব । প্ৰতিগৰাকী যাত্ৰীৰ বাবে প্ৰযোজ্য হ’ব এই নিয়ম।
উল্লেখ্য যে কিছুদিন পূৰ্বে ভেকচিনৰ দুটা ড’জ লোৱা ব্যক্তিৰ বাবে ৰে'লৱে আৰু বিমান বন্দৰত কিছু নিয়ম সাল-সলনি কৰা হৈছিল। কিন্তু ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পূৰ্বৰ নিৰ্দেশনা প্ৰত্যহাৰ কৰিছে ৰাজ্য চৰকাৰে । নতুন নিৰ্দেশনা অনুসৰি বিমান বন্দৰ আৰু ৰে'লৱে ষ্টেচনত সকলোৱে কৰিব লাগিব ক'ভিড পৰীক্ষা ।
লক্ষণীয় বিষয় যে ক'ভিডৰ দুটা পালি ভেকচিন লোৱাৰ পাচতো বহু লোক কৰ'ণাত আক্ৰান্ত হৈছে । গুৱাহাটী মহানগৰীৰ বাবে এয়া নিশ্চয়কৈ এক বেয়া খবৰ । কাৰণ বিগত 24 ঘণ্টাত গুৱাহাটী মহানগৰীত 263 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে। মুখ্যমন্ত্ৰীয়ে দিয়া 250 ৰ টাৰ্গেট অতিক্ৰম কৰিলে গুৱাহাটীয়ে।
উল্লেখনীয়ভাৱে গুৱাহাটীত আক্ৰান্তৰ সংখ্যা 250 অতিক্ৰম কৰিলে নীতি-নিৰ্দেশনা আৰু অধিক কঠোৰ কৰাৰ ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে । আনহাতে বিগত 24 ঘণ্টাত ৰাজ্যৰ 1,992 গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । এই সময়চোৱাত 1,20,908 গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল । আক্ৰান্তৰ হাৰ 1.65 শতাংশ।
আনহাতে সুস্থ হৈছে 2,498 গৰাকী আৰু সেই হিচাপত সুস্থতাৰ হাৰ 95.32 শতাংশ । বিগত 24 ঘণ্টাত ক'ভিডত মৃত্যু হৈছে ৰাজ্যৰ 27 গৰাকী লোকৰ । ৰাজ্যত বৰ্ত্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে 19,120 গৰাকী ৷
লগতে পঢ়ক:দুবছৰৰ ভিতৰত বিটিআৰৰ মুখ সলনি হ'ব: প্ৰমোদ বড়ো