অসম

assam

Covid infection in Assam : ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক'ভিডে

By

Published : Jul 15, 2022, 8:28 PM IST

ক’ভিড ভাইৰাছৰ দৈনিক সংক্রমণে ৫০০ৰ ঘৰ অতিক্ৰম কৰিলে (daily Covid infection crossed 500 in Assam) । ক’ভিডৰ হটস্পট হোৱাৰ দিশে গুৱাহাটী (Guwahati going to Covid Hotspot) । জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ আৰু তিনিচুকীয়া জিলা প্ৰশাসনে নিজাববীয়াকৈ জাৰি কৰিছে এছ অ’ পি (Cachar and Tinsukia District declared SOP) । বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৭০৭জন লোক ক’ভিডত আক্ৰান্ত । আক্ৰান্তৰ হাৰ ১১.৫৫ শতাংশ । দুজন ক’ভিড ৰোগীৰ মৃত্যু । আজিৰে পৰা আৰম্ভ হৈছে ক'ভিড-১৯ ভেকচিনৰ অমৃত মহোৎসৱ (Covid Vaccine Amrit Mahotsab start)।

a
a

গুৱাহাটী, ১৫ জুলাই : ৰাজ্যত ক’ভিডে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দিছপুৰৰ লগতে স্বাস্থ্য বিভাগে ক’ভিড সংক্ৰমণৰ বিষয়টোক বিশেষ গুৰুত্ব দিব নিবিচাৰিলেও কিন্তু ৰাজ্যৰ ক’ভিড পৰিস্থিতি উদ্বেগৰ বিষয় হৈ পৰিছে (covid taken a frightening turn in Assam) । কিয়নো অতি সংগোপনে ক’ভিড ভাইৰাছৰ দৈনিক সংক্রমণে ৫০০ৰ ঘৰ অতিক্ৰম কৰিলে (daily Covid infection crossed 500 in Assam) । ক’ভিডৰ এনে দ্ৰুত সংক্ৰমণৰ পাছতো ৰাজ্য চৰকাৰে ক’ভিডৰ কোনো বাধা-নিষেধাজ্ঞা আৰোপ কৰা নাই (Assam Government not declared Covid SOP) ।

কোভিড টীকাকৰণৰ অমৃত মহোৎসৱ আৰম্ভ

কিন্তু ইয়াৰ বিপৰীতে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি দুখনকৈ জিলাৰ প্ৰশাসনে নিজাববীয়াকৈ এছ অ’ পি জাৰি কৰিবলৈ বাধ্য হৈছে (Cachar and Tinsukia District declared SOP) । একমাত্ৰ ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্ৰশাসনে চৰকাৰী কাৰ্যালয়ৰ লগতে ৰাজহুৱা স্থানত মাস্ক আৰু সামাজিক ব্যৱধান বাধ্যতামূলক কৰিছে (Mask compulsory in two Districts of Assam) । আনকি মাস্ক নিপিন্ধা ব্যক্তিক পেট্র’ল পাম্প আৰু ব্যৱসায়িক প্রতিষ্ঠানত সামগ্রী বিক্রীত নিষেধাজ্ঞা আৰোপ কৰিছে । একেদৰে তিনিচুকীয়া জিলা উপায়ুক্তই বর্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ।

অসমত কোভিডৰ ঊৰ্ধ্বমুখী সংক্ৰমণ

তিনিচুকীয়া জিলাৰ উপায়ুক্তই ক’ভিড-১৯ সম্বন্ধীয় ছটাকৈ স্বাস্থ্য বিধি কঠোৰভাৱে পালন কৰিবলৈ জনসাধাৰণক আহ্বান জনাই নির্দেশনা জাৰি কৰিছে । সেই অনুসৰি ক’ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈও কোৱা হৈছে । তদুপৰি, ৰাজহুৱা স্থানত থু-পিক নেপেলাবলৈ আহ্বান জনোৱাৰ লগতে ৰাজহুৱা স্থানত জনসাধাৰণৰ অপ্রয়োজনীয় সমাবেশ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । একেদৰে ক'ভিড-১৯ৰ যিকোনো লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈ পৰামৰ্শ দি হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ তথা সঘনাই চাবোনেৰে হাত ধুবলৈ ৰাইজক আহ্বান জনাইছে ।

ইফালে বিগত এটা সপ্তাহৰ পৰা বৰাকত বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্ৰশাসনে জিলাখনৰ জনসাধাৰণৰ বাবে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা । চৰকাৰী বিষয়া, চিকিৎসক, পেৰা মেডিকেল কৰ্মচাৰীকে ধৰি সকলো লোকৰ বাবে মাস্ক পৰিধান আৰু ক’ভিড নীতি-নিয়ম মানি চলাটো বাধ্যতামূলক কৰা হৈছে । কাছাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে জাৰি কৰা নির্দেশনাত যিকোনো ধৰণৰ সমাবোশত অংশগ্রহণ কৰাৰ সময়ত সকলো লোকে বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰিব লাগিব বুলিও স্পষ্ট কৰি দিছে । আনহাতে, সকলো দোকান তথা ব্যৱসায়িক প্রতিষ্ঠানে হেণ্ড ছেনিটাইজাৰ, সামাজিক দূৰত্বকে ধৰি ক’ভিড আচৰণ সুনিশ্চিত কৰিব লাগিব বুলিও নির্দেশনাত উল্লেখ কৰা হৈছে ।

দোকান, পেট্র'ল পাম্প, বেংক, মল আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰাত বাধ্যতামূলকভাৱে ‘ন’ মাস্ক ন’ এন্ট্রি’ ফলক আঁৰি থোৱাৰ নিৰ্দেশ দিয়া হৈছে । ইফালে বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৭০৭জন লোক ক’ভিডত আক্ৰান্ত হৈছে (707 new Covid case in Assam) । আক্ৰান্তৰ হাৰ ১১.৫৫ শতাংশ । দুর্ভাগ্যজনকভাৱে বৃহস্পতিবাৰৰ দিনটোত দুজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে । মৃত ৰোগী দুজন হৈছে দৰং আৰু কামৰূপ মহানগৰ জিলাৰ । আনহাতে, বিগত ২৪ ঘণ্টাত যোৰহাটত সর্বাধিক ৯৩জন, গুৱাহাটীত ৬৯জন, ডিব্ৰুগড়ত ৬৭জন, গোৱালপাৰাত ৫৮জন, ধুবুৰীত ৪৫জন আৰু নগাঁৱত ৪৩জন লোক আক্ৰান্ত হৈছে ।

লক্ষণীয় বিষয় যে বুধবাৰে ৰাজ্যত ৫৯০জন লোক ক'ভিডত আক্রান্ত হৈছিল । আনহাতে, বুধবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত পুনৰ এজন ক’ভিড ৰোগীৰ মৃত্যু হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এইবাৰৰ ক’ভিড বিপজ্জনক নহয় বুলি দাবী কৰিছিল যদিও দৈনিক প্ৰায়ে এজন-দুজনকৈ ক'ভিড ৰোগীৰ মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি, বিগত দহটা দিনতে গুৱাহাটীত ৭৫৯জন লোক ক’ভিডত আক্রান্ত হৈছে ।

গুৱাহাটী মহানগৰী ক’ভিডৰ হটস্পটত পৰিণত হৈছে (Guwahati going to Covid Hotspot) যদিও এই পর্যন্ত প্রশাসন তথা স্বাস্থ্য বিভাগৰ ফালৰ পৰাও মহানগৰবাসীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো দূৰৈৰ কথা ৰাইজক মাস্ক পৰিধানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কোনো সজাগতা চলোৱা নাই । কেৱল গুৱাহাটীয়েই নহয়, ৰাজ্যৰ গাঁৱে-ভূঞে এতিয়া ক’ভিডৰ গণসংক্ৰমণ আৰম্ভ হৈছে । স্বাস্থ্য বিভাগৰ তথ্য মতে, বর্তমান ৰাজ্যত ৩,১৫০জন লোক ক'ভিডত আক্ৰান্ত হৈ আছে । স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুসৰি, ১৪৫ দিনৰ ব্যৱধানৰ পাছত ভাৰতত দৈনিক ক’ভিড-১৯ত ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ।

আনহাতে, সক্ৰিয় ৰোগীৰ সংখ্যা ১,৩৬,০৭৬ লৈ বৃদ্ধি পাইছে । বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্যত এই বিষয়ে উল্লেখ কৰা হৈছে । স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাৰ ব্যৱধানত ২০,১৩৯জন নতুনকৈ ক'ভিডত আক্রান্ত হয় । ইফালে সমগ্ৰ দেশৰ লগতে অসমতো আজিৰে পৰা আৰম্ভ হৈছে ক'ভিড-১৯ ভেকচিনৰ অমৃত মহোৎসৱ (Covid Vaccine Amrit Mahotsab start) । ৰাজ্যৰ মুঠ ২০০০ স্থানত এই টীকাকৰণ অভিযান আৰম্ভ কৰা হৈছে । আগন্তুক ৭৫ দিনত সকলোকে তৃতীয় পালি ভেকচিন প্ৰদানৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক :আজাৰা গ্ৰাম্য চিকিৎসালয়ক শীঘ্ৰে উন্নীত কৰা হ’ব উন্নত চিকিৎসালয়লৈ: স্বাস্থ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details