গুৱাহাটী, ২০ মে': ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । অৱশ্যে কৰ'ণাৰ এই ভয়াৱহ সংক্ৰমণৰ মাজতে এটা ভাল খবৰ যে অসমত আক্ৰান্তৰ হাৰ ১০ শতাংশৰ পৰা ৬.০২ শতাংশলৈ হ্ৰাস পাইছে । বিগত ২৪ ঘণ্টাত ১,০২,০৪০ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰ ভিতৰত ৬,১৪৩ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । সেই হিচাপত আক্ৰান্তৰ হাৰ ৬.০২ শতাংশ ।
উল্লেখ্য যে কিছুদিন পূৰ্বে অসমত আক্ৰান্তৰ হাৰ প্ৰায় ১০ শতাংশলৈ বৃদ্ধি পাইছিল । শেহতীয়াকৈ আক্ৰান্তৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে । অৱশ্যে মৃতকৰ হাৰ হ্ৰাস পোৱা নাই । বিগত ২৪ ঘণ্টাত ৮৯ গৰাকী লোকৰ ক'ভিডত মৃত্যু হয় । উল্লেখ যে আক্ৰান্তৰ হাৰ ক্ৰমাৎ কিছু হ্ৰাস পোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ কিছু পৰিমাণে বৃদ্ধি পাইছে ।
বিগত ২৪ ঘণ্টাত ক'ভিডত মৃত্যুৰ হাৰ আছিল ০.৭০ শতাংশ । ইয়াৰ বিপৰীতে মৃত্যুৰ এই হাৰ মঙলবাৰে আছিল ০.৬৯ শতাংশ, সোমবাৰে ০.৬৮ শতাংশ, দেওবাৰে ০.৬৬ শতাংশ, শনিবাৰে ০.৬৫ শতাংশ, শুকুৰবাৰে ০.৬৪ শতাংশ, বৃহস্পতিবাৰে ০.৬৩ শতাংশ আৰু বুধবাৰে আছিল ০.৬২ শতাংশ । অৰ্থাৎ মৃত্যুৰ হাৰ দৈনিক প্ৰায় ০.০১ শতাংশকৈ বৃদ্ধি পাইছে ।
আনহাতে বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ৬.০২ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে আক্ৰান্তৰ হাৰ মঙলবাৰে আছিল ৬.৪৭ শতাংশ, সোমবাৰে আছিল ৬.৯৯ শতাংশ, দেওবাৰে আছিল ৮.৫১ শতাংশ, শনিবাৰে আছিল ৮.২৬ শতাংশ, শুকুৰবাৰে আছিল ৯.২৬ শতাংশ, বৃহস্পতিবাৰে আছিল ৯.১৮ শতাংশ আৰু বুধবাৰে আছিল ৮.৮৫ শতাংশ । এই হিচাপত আক্ৰান্ত হাৰ প্ৰায় তিনি শতাংশলৈ হ্ৰাস পাইছে ।
ৰাজ্যখনত বৰ্তমানলৈ ক'ভিডত ২,৪৩৩ গৰাকী লোকৰ মৃত্যু হৈছে । আনহাতে ক'ভিডজনিত কাৰণত আন ৰোগত এতিয়ালৈকে ৰাজ্যৰ ১,৩৪৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । ক'ভিডত মৃত্যু হোৱা ৮৯ গৰাকী লোকৰ ভিতৰত ২৬ গৰাকী কামৰূপ মহানগৰ জিলাৰ । আনহাতে, আক্ৰান্ত ৬,১৪৩ গৰাকীৰ ভিতৰত ৯১৩ গৰাকী কামৰূপ মহানগৰ জিলাৰ ।
সেইদৰে বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ৪,০৫৭ গৰাকী লোক । বৰ্তমানলৈ ৰাজ্যখনত ৩,৪৭,০০১ গৰাকী লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈছে ২,৯৪,৮৩১ গৰাকী লোক । ৰাজ্যত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰাৰ হাৰ ৮৪.৯৭ শতাংশ । বৰ্তমান সময়ত ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪৮,৩৯০ গৰাকী । ইয়াৰে গৰিষ্ঠ সংখ্যকেই হোম আইচ'লেচনত আছে ।
ইফালে এতিয়ালৈকে ৰাজ্যৰ ৩৫,৬৮,৯১২ গৰাকী লোকে ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ২৭,১৫,১৪৬ গৰাকী লোকে প্ৰথম পালি আৰু ৭,৫৩,৭৬৬ গৰাকী লোকে দ্বিতীয় পালি লাভ কৰিছে । ৰাজ্যত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াটো যথেষ্ট লেহেমীয়া হৈ পৰিছে । উল্লেখ যে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ মাত্র ৩৮,২৩৫ গৰাকী লোকে ক'ভিড ভেকচিন ল'বলৈ সক্ষম হৈছে । যিটো চাহিদা অনুপাতে যথেষ্ট নগণ্য । চৰকাৰে ক'ভিড টেষ্টৰ ক্ষেত্রত যিদৰে অধিক গুৰুত্ব দিছে সেইদৰে ভেকচিন প্ৰদানৰ ক্ষেত্রত নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ।
ভেকচিনৰ বাবে সৰ্বসাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে । ১৮ বছৰৰ ঊৰ্ধ্বৰ কথা বাদেই ৪৫ ঊৰ্ধ্বৰ বাবেই ভেকচিনৰ নাটনি হৈছে । ভেকচিন শিবিৰসমূহত ৰাইজে পুৱাই আহি বিমুখ হৈ ঘূৰি যাবলগীয়া হৈছে । উল্লেখ্য যে বৰ্তমান সময়ত সকলোৱে ক'ভিডৰ পৰা জীৱন ৰক্ষাৰ বাবে ভেকচিনৰ ওপৰতে ভৰসা কৰিছে ।
লগতে পঢ়ক:চিৰাঙত শুকুৰবাৰৰ পৰা তিনিদিনীয়া লকডাউন