অসম

assam

By

Published : May 13, 2021, 4:35 PM IST

ETV Bharat / state

ভয়াৱহ ৰূপত কৰ'ণা: ঘণ্টাত তিনিজনৰ মৃত্যু

দহ দিনত ৰাজ্যৰ ৫৪৯ গৰাকী লোকৰ কৰ'ণাত মৃত্যু । ২৪ ঘণ্টাত ৰাজ্যখনত ক'ভিডত আক্ৰান্ত হৈ ৭১ গৰাকী লোকে প্ৰাণ হেৰুৱালে । ৰাজ্যৰ ৫,৬৫৭ গৰাকী লোক নতুনকৈ ক'ৰণাত আক্ৰান্ত হৈছে । প্ৰায় দুই কোটি লোকে লাভ কৰা নাই প্ৰতিষেধক ।

Assam Covid update
ভয়াৱহ ৰূপত কৰ'ণা

গুৱাহাটী,১৩ মে': অসমৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ জটিলৰ পৰা আৰু অধিক জটিলতাৰ দিশে গতি কৰিছে । কৰ'ণাৰ বাবে ৰাজ্যখনত ঘণ্টাত গড়ে তিনিজনকৈ লোকৰ মৃত্যু হৈছে । বিগত দহ দিনত ৰাজ্যৰ ৫৪৯ গৰাকী লোকৰ কৰ'ণাত মৃত্যু হৈছে । দিনক দিনে মৃতকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ক'ভিডত আক্ৰান্ত হৈ ৭১ গৰাকী লোকে প্ৰাণ হেৰুৱালে । ইয়াৰে ২৬ গৰাকী কামৰূপ মহানগৰ জিলাৰ, ৭ গৰাকী কামৰূপ গ্ৰাম্যৰ, ৪ গৰাকীকৈ বৰপেটা, দৰং আৰু ডিব্ৰুগড়ৰ, ৩ গৰাকীকৈ নগাঁও, নলবাৰী, শোণিতপুৰ, তিনিচুকীয়া আৰু কাৰ্বি আংলঙৰ, দুগৰাকীকৈ বঙাইগাঁও, গোলাঘাট আৰু কৰিমগঞ্জৰ আৰু এগৰাকীকৈ বাক্সা, কাছাৰ, হাইলাকান্দি, যোৰহাট আৰু ওদালগুৰিৰ ।

অসমৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ জটিলৰ পৰা আৰু অধিক জটিলতাৰ দিশে গতি

আনহাতে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৫,৬৫৭ গৰাকী লোক নতুনকৈ ক'ৰণাত আক্ৰান্ত হৈছে । আক্ৰান্তৰ হাৰ ৮.৮৫ শতাংশ । কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,৪৫৬ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে কামৰূপ গ্ৰাম্যত ৪৬০ গৰাকী, ডিব্ৰুগড়ত ৩৮১ গৰাকী আৰু নগাঁৱত ২৯৩ গৰাকী লোক আক্ৰান্ত হৈছে । ইফালে, বিগত ২৪ ঘণ্টাত কৰ'ণাৰ পৰা ৩,৮৮০ গৰাকী লোকে আৰোগ্য লাভ কৰিছে । বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪০,৯৭০ গৰাকী ।

ভয়াৱহ ৰূপত কৰ'ণা: ঘণ্টাত তিনিজনৰ মৃত্যু

বুধবাৰৰ দিনটোত ৰাজ্যৰ ৬৩,৯৫৬ গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰা হৈছিল । বৰ্তমানলৈকে ৯২,৮১,৪৬৬ গৰাকী লোকৰ কৰ'ণা পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ইয়াৰে ৩,১০,০৮৬ গৰাকীৰ দেহত পোৱা গৈছিল ক'ভিডৰ অৱস্থিতি । ইতিমধ্যে সুস্থ হৈছে ইয়াৰে ২,৬৫,৮৬০ গৰাকী লোক । এতিয়ালৈকে সুস্থ হোৱাৰ হাৰ ৮৫.৭৪ শতাংশ । আনহাতে এতিয়ালৈকে মৃত্যু হৈছে ১,৯০৯ গৰাকী লোকৰ । সেইদৰে এতিয়ালৈকে ৰাজ্যৰ ৩২,৩১,৬৭৩ গৰাকী লোকে ক'ভিড প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ২৫,১৬,৯২১ গৰাকীয়ে প্ৰথম পালি আৰু ৭,১৪,৭৫২ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিছে ।

ভয়াৱহ ৰূপত কৰ'ণা: ঘণ্টাত তিনিজনৰ মৃত্যু

ৰাজ্যত দিনক দিনে ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । সমান্তৰাকৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা । যাৰ পৰিপ্ৰেক্ষিতত জনগণৰ জীৱন ৰক্ষাৰ স্বাৰ্থত বৃহস্পতিবাৰৰে পৰা ৰাজ্যত কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰমাৎ সম্পূৰ্ণ লক ডাউনৰ দিশে গতি কৰিছে ৰাজ্য । ইফালে গুৱাহাটী মহানগৰীত ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । বিগত দহ দিনত কামৰূপ মহানগৰ জিলাত ১৪,৭৬০ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী-বেচৰকাৰী হাস্পতালত ক'ভিড ৰোগীৰ বাবে বিচনাৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে ।

ভয়াৱহ ৰূপত কৰ'ণা: ঘণ্টাত তিনিজনৰ মৃত্যু

অৱশ্যে, নতুনকৈ দায়িত্ব লাভ কৰা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সদৰী কৰা মতে, গুৱাহাটীত এতিয়াও ক'ভিড ৰোগীৰ বাবে দুই হাজাৰ বিচনা খালী আছে । ইফালে, ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে এক লাখ লোকৰ ক'ভিড পৰীক্ষা কৰাৰ লগতে ৫০ লাখ ৰেপিড এণ্টিজেন টেষ্ট কীট ক্ৰয় কৰাৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰী কৰা মতে, ডেৰ লাখ অক্সিকেয়াৰ চিষ্টেমৰ বাবে প্ৰধানমন্ত্রীয়ে ৩২২.৫০ কোটি টকা মোকোলাই দিছে ৷

আনহাতে, ৰাজ্য চৰকাৰে ১৮-৪৫ বছৰ বয়সৰ বাবে নতুনকৈ লাভ কৰিছে ১.৮০ লাখ ক’ভিশ্বীল্ড প্ৰতিষেধক । অৱশ্যে চাহিদা অনুপাতে ৰাজ্যত প্ৰতিষেধকৰ বহু পৰিমাণে অভাৱ ঘটিছে । এতিয়াও প্ৰায় দুই কোটি লোকে লাভ কৰা নাই প্ৰতিষেধক । উল্লেখ্য যে, ৰাজ্যবাসী সজাগ-সচেতন নহ'লে ক'ভিড পৰিস্থিতি অনিয়ন্ত্রিত হৈ পৰাটো নিশ্চিত ।

লগতে পঢ়ক: নতুন মুখ্যমন্ত্ৰীকলৈ আশাবাদী ৰাজ্যৰ ঋণগ্ৰস্ত মহিলা

ABOUT THE AUTHOR

...view details