অসম

assam

ETV Bharat / state

অসমত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণাই - আক্ৰান্তৰ হাৰ

বিগত ২৪ ঘণ্টাত অসমত তিনি হাজাৰৰো অধিক লোক কৰ'ণাত আক্ৰান্ত । মহামাৰীত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ২৬ গৰাকী লোকে । ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ হাৰ ৪.৪৩ শতাংশলৈ বৃদ্ধি ।

Covid situation in Assam
বিগত ২৪ ঘণ্টাত অসমত তিনি হাজাৰৰো অধিক লোক কৰ'ণাত আক্ৰান্ত

By

Published : May 1, 2021, 4:19 PM IST

গুৱাহাটী,১ মে': দেশৰ আন প্ৰান্তৰ লগতে অসমতো ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ৩,১৯৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ লগে লগে ৰাজ্যখনত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ২৩,৮২৬ জনলৈ বৃদ্ধি পায় ।

বিগত ২৪ ঘণ্টাত অসমত তিনি হাজাৰৰো অধিক লোক কৰ'ণাত আক্ৰান্ত

আনহাতে, বিগত ২৪ ঘণ্টাত কৰ'ণাই প্ৰাণ ল'লে ২৬ গৰাকী ৰোগীৰ । তথ্য মতে, বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,১৮৪ গৰাকী, ডিব্ৰুগড়ত ২৪৫ গৰাকী আৰু নলবাৰীত ১৪৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । লক্ষণীয় বিষয় যে, কামৰূপ মহানগৰ জিলাত ভয়াৱহ হাৰত ক'ভিডৰ সংক্ৰমণ হৈছে । বিগত দহ দিনত জিলাখনত ৯,৭২৮ গৰ‍কী লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

বিগত ২৪ ঘণ্টাত অসমত তিনি হাজাৰৰো অধিক লোক কৰ'ণাত আক্ৰান্ত

আনহাতে, ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ হাৰ ৪.৪৩ শতাংশলৈ বৃদ্ধি পাইছে । আক্ৰান্তৰ হাৰ ক্ৰমাৎ উৰ্ধমুখী হৈছে । উল্লেখ্য যে, শুক্ৰবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৭২,২৩৯ গৰাকী লোকৰ কৰ'ণা পৰীক্ষা সম্পন্ন কৰা হৈছিল । এতিয়ালৈকে অসমত মুঠ ৮৬,০৪,৯৩৫ গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰা হৈছে ।

বিগত ২৪ ঘণ্টাত অসমত তিনি হাজাৰৰো অধিক লোক কৰ'ণাত আক্ৰান্ত

আনহাতে, অসমত এতিয়ালৈকে ২,৫৩,১২৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,৩০৭ গৰাকীৰ মৃত্যু হৈছে । ইফালে, আৰোগ্য হৈ উঠিছে ২,২৬,৬৪৩ গৰাকী লোকে । শুক্ৰবাৰৰ দিনটোত অসমত ১,২৭,৫৫৫ গৰাকীয়ে ক'ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰে ।

বিগত ২৪ ঘণ্টাত অসমত তিনি হাজাৰৰো অধিক লোক কৰ'ণাত আক্ৰান্ত

অসমত সৰ্বমুঠ ২৪,৬৬,৩২১ গৰাকী লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত ১৯,৩৫,১৬৬ গৰাকীয়ে ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি আৰু ৫,৩১,১৫৫ গৰাকীয়ে দ্বিতীয় পালি লৈছে ।

উল্লেখ্য যে, কামৰূপ মহানগৰ জিলাত দৈনিক সহস্ৰাধিক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিত ইতিমধ্যে সকলো শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে ।

লগতে পঢ়ক: ভোট গণণাৰ বাবে সাজু বিলাসীপাৰা মহকুমা প্ৰশাসন

ABOUT THE AUTHOR

...view details