গুৱাহাটী, ১৪ মে':ৰাজ্যৰ চাহ বাগিচাই বাগিচাই ক'ভিডৰ গণ সংক্ৰমণ আৰম্ভ হৈছে । মহামাৰী ক'ভিডে ভয়ংকৰ দুৰ্যোগ নমাই আনিছে ৰাজ্যৰ বৃহৎ চাহ উদ্যোগলৈ । বৰষুণৰ অভাৱত উৎপাদন হ্ৰাস পোৱাৰ সময়তে ক'ভিডৰ সংক্ৰমণৰ বাবে বহু চাহ বাগিছাত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিব লগা হোৱাত একপ্ৰকাৰ বাগানেই বন্ধ হৈ পৰিছে ।
কৰ'ণাৰ প্ৰথমটো ঢৌৰ সময়ত চাহ বাগান সমূহ যথেষ্ট সুৰক্ষিত আছিল যদিও দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বিশেষকৈ উজনি,নামনি আৰু মধ্য অসমj তিনিচুকীয়া, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, ওদালগুৰি, নগাঁও, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়ৰ ওপৰিও হাইলাকান্দি, কাছাৰ আদি কেইবাখনো জিলাৰ অৰ্ধ শতাধিক চাহ বাগিচাৰ সহস্ৰাধিক লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ কৰ’ণাৰ সংক্ৰমণৰ উৎস হৈ পৰিছে চাহ বাগানসমূহ ৷
দহখনৰো অধিক চাহ বাগান কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা ডিব্ৰুগড়ৰ জালনী চাহ বাগিচাৰ লগতে বোকাখাটৰ বৰ চাপৰি আৰু বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাক ইতিমধ্যে কণ্টেইমেণ্ট জন বুলি ঘোষণা কৰা হৈছে ৷ তথ্য অনুসৰি উক্ত তিনিখন চাহ বাগিচাৰ লগতে ডিব্ৰুগড়ৰ মাইজান চাহ বাগিছা,দিৰিয়াল চাহ বাগিচা,খাৰজান চাহ বাগিচা,গোলাঘাটৰ লাখৌজান চাহ বাগিচা, বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ লগতে ব্ৰহ্মজান চাহ বাগিচা, বুৰৈ চাহ বাগিচা, ধূলি চাহ বাগিচা,পুৰুকবৰী চাহ বাগিচা,নয়া যযৰা চাহ বাগিচা,শিৱসাগৰ জিলাৰ টিফুক চাহ বাগিচা,শোণিতপুৰ জিলাৰ ডিব্ৰু দৰং চাহ বাগিচা, ৰূপাজুলী চাহ বাগিচা, শিংৰিজান চাহ বাগিচা, হাতিবাৰী চাহ বাগিচা, তিনিচুকীয়া বাদলভেটা চাহ বাগিচা, নগাঁৱৰ চালনা চাহ বাগিচা, কেলডিন চাহ বাগিচা, আমচৈ চাহ বাগিচা, পুৰনা চালনা চাহ বাগিচা আৰু শগুণবাৰী চাহ বাগিচাত কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ হৈছে ৷
ক'ভিডকালত এখন এখনকৈ বন্ধ হৈছে চাহ বাগিচা ক'ভিড সংক্ৰমণৰ বাবে দহখনৰো অধিক চাহ বাগান কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি উৎপাদন বন্ধ কৰি দিব লগা হোৱাত চাহ উদ্যোগটোৱে ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৷ ক'ভিডে চাহ উৎপাদনত প্ৰভাৱ পেলোৱাৰ উপৰি নিলাম কেন্দ্ৰসমূহতো প্ৰভাৱ পেলাইছে ৷ নিলাম কেন্দ্ৰসমূহত 30-35 শতাংশ পৰ্যন্ত চাহ বিক্ৰী নোহোৱাকৈ ৰৈ গৈছে ৷ দেশৰ কেইবাখনো ৰাজ্যত লকডাউন চলি থকাত চাহৰ ক্ৰেতাৰ অভাৱে দেখা দিছে। ইফালে চাহ বাগিচাসমূহত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ হোৱাৰ পাছতো চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলৰ জীৱনক লৈ ৰাজ্য চৰকাৰখনে সমূলি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷ অভিযোগ অনুসৰি চাহ বাগিচাত গণসংক্ৰমণ আৰম্ভ হোৱাৰ পাছতো মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, অসমৰ মুখ্য সচিব, শ্ৰম আয়ুক্ত, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলে চাহ বাগিচাক লৈ এক সুকীয়া এছ অ'পিৰ ব্যৱস্থা আজি পৰ্যন্ত কৰা নাই। চাহ বাগানৰ মালিকসকলে বাগিচাৰ উৎপাদন প্ৰক্ৰিয়া ব্যাহত হ'ব বুলি চাহ বাগিচাত হোৱা ক'ভিড সংক্ৰমণ ঘটনা প্ৰথমে গাপ দিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে ৷
ক'ভিডকালত এখন এখনকৈ বন্ধ হৈছে চাহ বাগিচা অভিযোগ অনুসৰি বহু চাহ বাগিচাৰ পৰিচালক,কৰ্মচাৰী ক'ভিড পজিটিভ হ'লেও বাগিচা কতৃৰ্পক্ষই গোপনে ৰাখিছে ৷ অসমৰ চাহ বাগিচাৰ বহু মালিক,পৰিচালকৰ সন্তান দিল্লী,মহাৰাষ্ট্ৰ আদি ৰাজ্যত অধ্যয়ৰত নাইবা কৰ্মৰত। বৰ্তমান তেওঁলোক ঘূৰি আহিছে। বিমানবন্দৰত ক'ভিড পজিটিভ হোৱাৰ পাছত অভিজাত সন্তানসকল 'হোমকোৱাৰেণ্টাইন'ত থাকিলেও কাকো জানিবলৈ দিয়া হোৱা নাই। প্ৰাপ্ত অভিযোগ অনুসৰি এইক্ষেত্রত গোপনীয়তা বজাই ৰখাত সম্পূৰ্ণ সহায় কৰিছে জিলা প্ৰশাসনৰ একাংশ লোকে ।
বহু চাহ বাগিছাত কণ্টেইনমেণ্ট জ'ন ঘোষণা আনহাতে প্ৰতি দিনে বহিঃৰাজ্যত কৰ্মৰত চাহজনগোষ্ঠীৰ যুৱক সকলো বাগিচালৈ ঘূৰি আহিছে আৰু এই লোকসকলক লৈয়ো কোনো ব্যৱস্থা কৰা নাই বাগিচাৰ কৰ্তৃপক্ষ আৰু প্ৰশাসনে । এই সন্দৰ্ভত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্য সচিবলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। উল্লেখ যে অসমৰ চাহ বাগান সমূহত প্ৰায় পাঁচ লাখ স্থায়ী শ্ৰমিক আছে। এই বৃহৎ সংখ্যক শ্ৰমিকৰ মাত্র পাঁচ শতাংশইহে ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে। চৰকাৰে এই ক্ষেত্রত শীঘ্ৰেই উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে অসমৰ এই বৃহৎ চাহ উদ্যোগটো বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব। লগতে বহু লোকৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰিব । উল্লেখ যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে মতে চাহ বাগিচাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে চাহ বাগানৰ বাবে বিশেষ এছ অ' পি জাৰি কৰা হ'ব।
বহু চাহ বাগিছাত কণ্টেইনমেণ্ট জ'ন ঘোষণা লগতে পঢ়কঃক'ভিড বিধিত উপেক্ষিত চাহ বাগিচা কৰ্মী: 2 বজৰ পৰিৱৰ্তে 4 বজালৈ কাম