গুৱাহাটী, ১০ অক্টোবৰ :ক'ভিড পৰিস্থিতিৰ (Covid Situation) মাজতে দশভূজা দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । ৰাজ্যৰ সৰ্বত্র এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ । বজাৰে-সমাৰে পূজাৰ ব্যাপক ব্যস্ততা । সাজু হৈ উঠিছে পূজাৰ মণ্ডপসমূহ ।
সোমবাৰে ষষ্ঠী পূজা । যুৰীয়া বেলেৰে দেৱী দুৰ্গাক বৰণ কৰি বেদীত প্ৰতিষ্ঠা কৰা হ'ব । লগে লগে আৰম্ভ হ'ব শাৰদীয় দুৰ্গোৎসৱৰ অনাবিল আনন্দ । পিছে এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে পূজা উপভোগ কৰিব লাগিব ৰাজ্যবাসীয়ে । ইতিমধ্যে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ।
দুৰ্গা পূজা উপলক্ষ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে জাৰি কৰিছে নতুন এছ অ' পি (SOP)। পূজাৰ আয়োজকসকলৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি পূজা মণ্ডপসমূহ আহল বহল হ'ব লাগিব ৷ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে পথ বেলেগ হ'ব লাগিব । স্বেচ্ছাসেৱী, পুৰোহিত সকলোৱে এপালি হ'লেও ক'ভিড প্ৰতিষেধক ল'ব লাগিব । কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব ।
এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজামণ্ডপ তথা পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব । এইক্ষেত্ৰত ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব । সেইদৰে জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক'ভিড বিধি সম্পূৰ্ণ পালন কৰি দুৰ্গা পূজা আয়োজন কৰিব পাৰিব । একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাস দিব লাগিব ।