গুৱাহাটী, 10 জুলাই : কোভিড-19ৰ সংক্ৰমণ সৰ্বস্তৰে বিদ্যমান । কি ৰজা, কি প্ৰজা কোনো সাৰি যাব পৰা নাই ইয়াৰ কবলৰ পৰা । ৰাজধানী চহৰ গুৱাহাটী এতিয়া কোভিডৰ হটস্পট হৈ পৰিছে । প্ৰায় সকলো জিলাতে গুৱাহাটীৰ পৰা যোৱা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । কেৱল সাধাৰণ জনতাই যে কোভিডৰ কবলত পৰি দিক-বিদিক হেৰুৱাবলগীয়া হৈছে তেনে নহয়, দিছপুৰৰ ৰজাঘৰতো দংশন কৰিছে মহামাৰী কোভিডে ।
ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত এন এছ জি জোৱানৰ দলটোৰ তিনিগৰাকীকৈ জোৱান কোভিড-19ত আক্ৰান্ত হোৱাত, তেওঁলোকক স্থানান্তৰিত কৰি নতুন এন এছ জি কামাণ্ডোৰ দল মুখ্যমন্ত্ৰীৰ সৈতে নিয়োগ কৰা হৈছে । কেৱল মুখ্যমন্ত্ৰীৰ নিৰাপত্তাই নহয়, কৃষি মন্ত্ৰী অতুল বৰা আৰু ৰেচম মন্ত্ৰী ৰঞ্জিৎ দত্তৰ সৈতে নিয়োজিত নিৰাপত্তা বাহিনীৰ জোৱানো কোভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । মন্ত্ৰী অতুল বৰাৰ সৈতে থকা নিৰাপত্তা বাহিনীৰ জোৱান ইতিমধ্যে কোভিড-19ত আক্ৰান্ত হৈছে ৷ সম্প্ৰতি তেওঁক গোলাঘাটত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । অনুৰূপভাৱে মন্ত্ৰী ৰঞ্জিৎ দত্তৰ সৈতে থকা নিৰাপত্তা বাহিনীৰ দলটোৰ 7 গৰাকী জোৱানৰ মাজৰ এগৰাকীৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ । ই টিভি ভাৰতৰ আগত এই কথা নিশ্চিত কৰিছে মন্ত্ৰী দত্তই । তেওঁ কয় যে, তেওঁৰ গৃহ সমষ্টিৰ অন্তৰ্গত এখন চৰকাৰী কোভিড হাস্পতালত সম্প্ৰতি জোৱানজনক ভৰ্তি কৰোৱা হৈছে আৰু দলটোৰ বাকী 6 গৰাকীক কোৱাৰেণ্টাইনত ৰখা হৈছে ।