গুৱাহাটী, ২৪ জুন: ৰাজ্যৰ বিভিন্ন জিলাত এতিয়াও অব্যাহত আছে কৰ'ণা(Corona)ৰ সংহাৰ । ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত কৰ'ণাৰ সংক্ৰমণ ক্ৰমাৎ কিছু হ্ৰাস পোৱাৰ বিপৰীতে শোণিতপুৰ, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, নগাঁও, যোৰহাট আদি জিলাত বৃদ্ধি পাইছে । ১৪ জুনৰ পৰা ২৩ জুনলৈ বিগত ১০ দিনত শোণিতপুৰ জিলাত ২,৩৩১ গৰাকী, গোলাঘাটত ২,১৭৫ গৰাকী, ডিব্ৰুগড়ত ১,৯৩৭ গৰাকী, তিনিচুকীয়াত ১,৮৭০ গৰাকী, কাছাৰত ১,৭২৩ গৰাকী, নগাঁৱত ১,৭২১ গৰাকী লোক ক'ভিড(Covid-19ত আক্ৰান্ত হৈছে । বিশেষকৈ গ্ৰামাঞ্চলত আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে ।
বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ২,৭২৮ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰে সৰ্বাধিক ২১২ গৰাকী লোক গোলাঘাট জিলাত আক্ৰান্ত হৈছে । ইফালে, বিগত ২৪ ঘণ্টাত মৃত্যু হোৱা ৩০ গৰাকী ক'ভিড ৰোগীৰ ভিতৰত ক্ৰমে ৬ গৰাকী শোণিতপুৰ জিলাৰ, ৫ গৰাকী নগাঁও জিলাৰ আৰু ৩ গৰাকী কাছাৰ জিলাৰ । আনহাতে বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ হাৰ হৈছে ১.৬৪ শতাংশ ।
কামৰূপ মহানগৰৰ তুলনাত অন্য জিলাত বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ সেইদৰে, এই সময়চোৱাত কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰিছে ৩,৮০২ গৰাকী লোকে । আৰোগ্যৰ হাৰ হৈছেগৈ ৯২.৬৩ শতাংশ । ইফালে, সোমবাৰৰ পৰা আৰম্ভ হোৱা বিশাল টিকাকৰণ অভিযানে বিগত তিনি দিনত সামৰি লৈছে ৯,৬৭,৫৯৫ গৰাকী লোকক ।
লক্ষ্য আছিল দৈনিক তিনি লাখ লোকক টিকাকৰণ কৰা । বিগত তিনি দিনত সেই লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ । চৰকাৰী তথ্য অনুসৰি, বুধবাৰে নিশা ৯ বজা পৰ্যন্ত ৰাজ্যখনৰ ৩,৪৬,৬৮০ গৰাকী লোকক তৃতীয়টো দিনৰ ক'ভিড প্ৰতিষেধক অভিযানে সামৰি লৈছে ।
কামৰূপ মহানগৰৰ তুলনাত অন্য জিলাত বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ ক'ভিড প্ৰতিষেধক মহাঅভিযানৰ প্ৰথম তিনিটা দিনত ৯,৬৭,৫৯৫ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । এই অভিযানৰ প্ৰথম দিনা ৩,৭১,০৮০ গৰাকী আৰু দ্বিতীয় দিনা ২,৪৯,৮৩৫ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হয় । উল্লেখ্য যে, স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই বিগত দুদিন ধৰি উজনি অসমৰ তিনিখন জিলাৰ প্ৰতিষেধক কেন্দ্ৰই কেন্দ্ৰই ঘূৰি এই অভিযান নিৰীক্ষণ কৰে ।
স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ ১৮ বছৰৰ ঊৰ্দ্ধৰ প্ৰতিগৰাকী লোককে ক'ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰিছে । ৰাজ্যত বৰ্তমান ক'ভিড প্ৰতিষেধক অভিযানৰ বাবে পৰ্যাপ্ত সংখ্যক প্ৰতিষেধক মজুত থকা বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে । বিগত ২৪ ঘণ্টাত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে নতুনকৈ ১,৬৬,০৬০ পালি বিনামূলীয়া ক'ভিড প্ৰতিষেধক লাভ কৰিছে । ইয়াৰে ১,৩৬,৩৩০ পালি ক'ভিশ্বিল্ড আৰু ২৯,৭৩০ পালি কোভাক্সিন প্ৰতিষেধক ।
লগতে পঢ়ক:হাফলং অসামৰিক চিকিৎসালয়ৰ আইচিইউ(ICU) নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ দিশে