অসম

assam

ETV Bharat / state

ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ২.১৬ শতাংশলৈ হ্ৰাস - ক'ভিড

বিগত ২৪ ঘণ্টাত ক'ভিড আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও নিম্নগামী হৈছে । আনহাতে ২৪ ঘণ্টাত ৮৩,০৫৪ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে । গুৱাহাটীত শনিবাৰৰ পৰা ৫৮ টা কেন্দ্ৰত ভেকচিন প্ৰদানৰ বিশাল প্ৰক্ৰিয়া আৰম্ভ ।

covid infection
ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ হ্ৰাস

By

Published : Jun 12, 2021, 1:03 PM IST

গুৱাহাটী, ১২ জুন :ভাল খবৰ যে ৰাজ্যত ক'ৰণা(corona) আক্ৰান্তৰ হাৰ ক্ৰমাৎ হ্ৰাস হ'ব ধৰিছে । বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ২.১৬ শতাংশলৈ হ্ৰাস পালে । ক'ভিড সংক্ৰমণৰ হাৰ এনেদৰে কমিলে ১৫ জুনত সান্ধ্য আইন শিথিল কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্বাস্থ্য বিভাগে । বিগত ২৪ ঘণ্টাত ক'ভিড আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও নিম্নগামী হৈছে ।

ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ হ্ৰাস

এই সময়চোৱাত নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে ৩,৬৬৬ গৰাকী লোক । ইয়াৰে কামৰূপ(ম) জিলাৰ ৩৪১ গৰাকী, কাছাৰৰ ৩০০ গৰাকী, শোণিতপুৰৰ ২৫৭ গৰাকী, গোলাঘাটৰ ২৪২ গৰাকী, ডিব্ৰুগড়ৰ ২২৩ গৰাকী, তিনিচুকীয়াৰ ২০৮ গৰাকী আৰু নগাঁৱৰ ১৯১ গৰাকী । আনহাতে বিগত ২৪ ঘণ্টাত ২৯ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হয় । ক'ভিডত মৃত্যু হোৱাৰ হাৰ ০.৮৫ শতাংশ । সেইদৰে বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা সুস্থ হৈছে ৰাজ্যৰ ৫,২৪১ গৰাকী লোক । আৰোগ্যৰ হাৰ(Recovery Rate) ৮৮.৮৩ শতাংশ । আনহাতে এতিয়ালৈকে কৰ'ণাত ৰাজ্যৰ ৩,৮৭৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । বৰ্তমান সময়ত ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪৫,৪৭৭ গৰাকী ।

ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ হ্ৰাস

ইফালে ৰাজ্যখনত ক'ভিড টেষ্টৰ(covid test) সংখ্যা বৃদ্ধিৰ লগতে শেহতীয়াকৈ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াও সম্প্ৰসাৰণ কৰা হৈছে । বিগত ২৪ ঘণ্টাত ৮৩,০৫৪ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে । পূৰ্বে ৩৫ ৰ পৰা ৪০ হাজাৰ লোকক দৈনিক ভেকচিন(vaccine) দিবলৈ সক্ষম হৈছিল স্বাস্থ্য বিভাগ । এতিয়া দুগুণৰো বেছি হৈছে । আনহাতে গুৱাহাটী মহানগৰীত শনিবাৰৰ পৰা বিশাল পৰিসৰত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । দুদিনীয়াকৈ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকক প্ৰথম পালি ভেকচিন প্ৰদানৰ বাবে প্ৰশাসনৰ ফালৰ পৰা বিশাল কাৰ্যসূচী লোৱা হৈছে ।

ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ হ্ৰাস

৫৮ টা কেন্দ্ৰত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া শনিবাৰৰ আৰম্ভ হৈছে । আনহাতে ৫ মে' আৰু ৭ মে'ত ক'ভাক্সিনৰ প্ৰথম পালি লোৱা লোকসকলক ১৪ জুনত একে কেন্দ্ৰতে একে সময়তে দ্বিতীয় পালি লোৱাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে । উল্লেখ যে গুৱাহাটী প্ৰেছ ক্লাবটো শুকুৰবাৰৰ পৰা ক'ভাক্সিনৰ দ্বিতীয় পালি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

লগতে পঢ়ক:ৰাজ্যত অব্যাহত কৰ'ণা সংক্ৰমণ: আজিৰে পৰা পুনৰ দিয়া হৈছে ক'ভেক্সিন

ABOUT THE AUTHOR

...view details