গুৱাহাটী,৩ জুনঃ ৰাজ্যত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক'ভিডৰ সংক্ৰমণ (Covid infection increase in Assam)। ক’ভিডৰ সংক্রমণ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে যদিও স্বাস্থ্য বিভাগে বর্তমানেও গ্ৰহণ কৰা নাই কোনোধৰণৰ সুৰক্ষামূলক ব্যৱস্থা। বিশেষকৈ গুৱাহাটী মহানগৰীত ক'ভিডে সংগোপনে বিভিন্নজনকসংক্রমিত কৰিছে যদিও সংক্রমণৰ প্রকৃত তথ্য ৰাজহুৱা হোৱা নাই । আশ্চর্যজনকভাৱে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছতো ৰাজ্য চৰকাৰে অজ্ঞাত কাৰণত চৰকাৰী হাস্পতালত ক’ভিড পৰীক্ষা বন্ধ কৰি ৰাখিছে (Covid test stopped at government hospital in Assam)।
Covid infection increase in Assam:ৰাজ্যত পুনৰ বৃদ্ধি ক'ভিড সংক্ৰমণ স্বাস্থ্য বিভাগৰ তথ্যমতে বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১১০ গৰাকী । ইয়াৰে ৫২গৰাকীয়েই হৈছে গুৱাহাটী মহানগৰীৰ। আনহাতে,সংক্ৰমণৰ হাৰ হৈছে ৮.১৫ শতাংশ । এই হাৰ চিন্তনীয় ৰূপত দৈনিক বৃদ্ধি পাব ধৰিছে । বৰ্তমান ৰাজ্যত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৫৫০গৰাকী । বিগত ১০ দিনত গুৱাহাটী মহানগৰীত ৪৩০ গৰাকী ক'ভিডত আক্ৰান্ত হৈছে । উল্লেখ যে বিগত ২৪ ঘণ্টাত চৰকাৰী তথ্য মতে ১৩৫০ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল । পৰীক্ষাৰ সংখ্যা বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পোৱাটো নিশ্চিত ।
ৰাজ্য়ৰ স্বাস্থ্য বিভাগে ক’ভিডৰ পৰীক্ষাত গুৰুত্ব আৰোপ নকৰাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূর্ততে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছে । বিশেষকৈ গুৱাহাটীৰ পৰিস্থিতি অধিক চিন্তাৰ কাৰণ হৈছে ।কাৰণ গুৱাহাটী মহানগৰীত ক'ভিডৰ সংক্ৰমণ দৈনিক বৃদ্ধি পাব ধৰিছে । উল্লেখ্য় যে ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ বাবে ৰাজ্যৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱনৰ কেইবাটাও বিভাগ প্রায় অচল হৈ পৰিছে( Several divisions of Janata Bhawan are paralised)। শনিবাৰে গৃহ আৰু সাধাৰণ প্রশাসন বিভাগৰ দুজন আমোলা ক’ভিডত আক্রান্ত হয় । এই দুই শীর্ষ আমোলাৰ উপৰি মুখ্য সচিবৰ কাৰ্যালয়ৰ বিষয়াৰ দেহতো ক’ভিড পজিটিভ ধৰা পৰা বুলি জানিব পৰা গৈছে । স্বাভাৱিকতেই এই আটাইকেইটা গুৰুত্বপূৰ্ণ কার্যালয়তে ক’ভিডে প্ৰৱেশ কৰাত কাম-কাজ স্থবিৰ হৈ পৰিছে ।
Covid infection increase in Assam:ৰাজ্যত পুনৰ বৃদ্ধি ক'ভিড সংক্ৰমণ আনহাতে, গুৱাহাটী আৰক্ষীৰ কেইবাজনো শীর্ষ বিষয়া ক’ভিডত আক্ৰান্ত হোৱাত আৰক্ষী বাহিনীতো অচলাৱস্থাই বিৰাজ কৰিছে( Several top officials of Guwahati police suffering Covid)। মহানগৰীত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত এজনৰ পাছত এগৰাকী ক’ভিডত আক্রান্ত হোৱাত গৃহ বিভাগকো চিন্তিত কৰিছে । লক্ষণীয়ভাৱে দেশৰ কেইবাখনো চহৰত ক’ভিডৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ সকলো আদালততে সামজিক ব্যৱধান আৰু মাস্ক বাধ্যতামূলক কৰিছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ এই সতর্কতাৰ পাছতো কোনো আদালতৰ চৌহদতে বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰা পৰিলক্ষিত হোৱা নাই।
শেহতীয়াকৈ অম্বুবাচী মেলাত দূৰ-দূৰণীৰ পৰা অহা লাখ লাখ ভক্তৰ সমাগমৰ পাছৰে পৰা গুৱাহাটীত ক’ভিডৰ সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে । বৰ্তমান ক’ভিড লক্ষণে দেখা দিয়া যিসকল ব্যক্তিয়ে জেপৰ ধন খৰচ কৰি ব্যক্তিগত হাস্পতাল-লেব’ৰেটৰীত ক’ভিড পৰীক্ষা কৰিছে তেওঁলোকৰহে সংক্ৰমণৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে চৰকাৰে। সেয়েহে চৰকাৰী হিচাপত অসমত ব্যক্তিগত লেব’ৰেটৰীত পৰীক্ষা কৰা দৈনিক ৬০-৭০গৰাকীকৈ পজিটিভ লোকৰ তথ্য প্রকাশ পাইছে যদিও আক্রান্ত ৰোগীৰ সংখ্যা ইয়াতকৈ অধিক হোৱাৰ আশংকা আছে ।
Covid infection increase in Assam:ৰাজ্যত পুনৰ বৃদ্ধি ক'ভিড সংক্ৰমণ স্বাস্থ্য বিভাগে বিনামূলীয়াকৈ ক’ভিড টেষ্টৰ ব্যৱস্থা নকৰাৰ বাবেই ক’ভিড লক্ষণে দেখা দিয়াৰ পিছতো পৰীক্ষাৰ অবিহনে ঘূৰা-ফুৰা কৰিছে বহু লোকে (Covid test yet not done)। স্বাভাৱিকতেই স্বাস্থ্য বিভাগৰ দায়িত্বহীনতাৰ বাবে এইসকল লোকে ক’ভিডৰ বাহকৰ ভূমিকা গ্রহণ কৰিছে। তদুপৰি বহু লোকে ফাৰ্মাচীৰ পৰা টেষ্ট কিট ক্রয় কৰি ঘৰতে পৰীক্ষা কৰাত পজিটিভ ধৰা পৰিছে যদিও সেই তথ্যও লুকুৱাই ৰখাৰ অভিযোগ উঠিছে। তদুপৰি বহু লোকে ক'ভিডৰ লক্ষণ থকাৰ পাছতো পৰীক্ষা নকৰাকৈ চিকিৎসা গ্ৰহণ কৰি আছে। তেনেস্থলত সংক্ৰমণৰ হাৰ যে বহুত বেছি হ'ব সেয়া নিশ্চিত। সংক্রমণৰ আৰম্ভণিতে চৰকাৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত সংক্রমণে ভয়াৱহ ৰূপ ল’ব পাৰে বুলিও সকীয়াই দিছে চিকিৎসক তথা বিশেষজ্ঞ মহলে।
লগতে পঢ়ক:Erosion at Kalgachia: চকুৰ সন্মুখতে নৈৰ বুকুত জাহ গ'ল 21 টা পৰিয়ালৰ বাসগৃহ