অসম

assam

By

Published : Oct 29, 2021, 3:50 PM IST

ETV Bharat / state

এখনৰ পাচত আনখন বিদ্যালয়ত ক'ভিডৰ সংক্ৰমণ

পুনৰ বন্ধ হ'ব নেকি ৰাজ্যৰ শিক্ষানুষ্ঠান ! কামৰূপ মহানগৰ জিলাৰ দুখন বিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ । সাতদিনৰ বাবে কণ্টেইনমেণ্ট জ'ন ঘোষণা । ঢেকিয়াজুলিৰো পাঁচখন বিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে । চাবুৱাতো অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ৭ দিনৰ বাবে বন্ধ ঘোষণা । পুনৰ ক’ভিডৰ সংক্ৰমণ আৰম্ভ হোৱাত উদ্বিগ্ন হৈ পৰিছে শিক্ষাৰ্থী আৰু অভিভাৱক সকলক ।

Covid infection
পুনৰ বন্ধ হ'ব নেকি শিক্ষানুষ্ঠান !

গুৱাহাটী,২৯ অক্টোবৰ:পুনৰ বন্ধ হ'ব নেকি শিক্ষানুষ্ঠান ! বৰ্তমান পৰিস্থিতিত তেনে এক আশংকাই দেখা দিছে । এক দীঘলীয়া বন্ধৰ পাচত বিদ্যালয়সমূহ খুলিছিলহে মাত্ৰ । কিন্তু শেহতীয়াকৈ ক'ভিডৰ বাবে কেইবাখনো শিক্ষানুষ্ঠানক কনটেইনমেণ্ট জন' ঘোষণা কৰা হৈছে ।

ক'ভিডৰ পাচত দীৰ্ঘদিন বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহৰ পাঠদান আৰম্ভ কৰা হৈছিল যদিও ইখনৰ পাছত সিখন বিদ্যালয়ত ক'ভিড সংক্ৰমণ হোৱাত এতিয়া অভিভাৱক সকলো চিন্তিত হৈ পৰিছে । ক’ভিডৰ দ্বিতীয় সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পাচত ৰাজ্যত শিক্ষানুষ্ঠানসমূহ পৰ্যায়ক্ৰমে খুলি দিয়া হৈছিল ।

পুনৰ বন্ধ হ'ব নেকি শিক্ষানুষ্ঠান !

কিন্তু শেহতীয়াভাৱে ৰাজ্যৰ বিদ্যালয় সমূহত পুনৰ ক’ভিডৰ সংক্ৰমণ আৰম্ভ হোৱাত শিক্ষাৰ্থী আৰু অভিভাৱক সকলক উদ্বিগ্ন হৈ পৰিছে ।

লগতে পঢ়ক :অষ্টম শ্ৰেণীলৈকে পঢ়া ভুৱা চিকিৎসক মইজুলৰ বিৰুদ্ধে ন-ন তথ্য

উজনি অসমৰ দুখনকৈ বিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ ধৰা পৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰো দুখন বিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে । ক’ভিডৰ সংক্ৰমণ ধৰা পৰা বিদ্যালয় দুখন হৈছে ক্ৰমে মালিগাঁৱৰ কামাখ্যা উচ্চ মাধ্যমিক বিদ্যালয় আৰু গাড়ীগাঁও বালিকা মোক্তাবৰ । ক’ভিডৰ সংক্ৰমণ ধৰা পৰাৰ পাচতে এতিয়া বিদ্যালয় দুখন সাত দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে ।

তদুপৰি ঢেকিয়াজুলিৰো পাঁচখন বিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে । চাবুৱাতো অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ৭ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে স্কুল পৰিদৰ্শকে । উক্ত বিদ্যালয়খনত ৪ জন শিক্ষক আৰু ২ জন ছাত্ৰ দেহত ক'ভিড ধৰা পৰাৰ পাছতেই ডিব্ৰুগড় জিলা স্কুল পৰিদৰ্শকে এই নিৰ্দেশ জাৰি কৰে। এখনৰ পাচত আনখনকৈ বিদ্যালয়ত ক'ভিড সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত উদ্বিগ্ন হৈ পৰিছে শিক্ষা বিভাগ ।

লগতে পঢ়ক :পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জ

ABOUT THE AUTHOR

...view details