গুৱাহাটী,৬ মে':অসমত কৰ'ণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে স্বাস্থ্য বিভাগৰ এক ফোঁপোলা স্বৰূপ পোহৰলৈ আহিছে । দৈনিক হাজাৰ হাজাৰ লোক কৰ'ণাত আক্ৰান্ত হৈছে আৰু ফলস্বৰূপে ক'ভিড ৰোগীৰ বাবে বিচনাৰ অভাৱ ঘটিছে । চৰকাৰী-বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ত দিনকদিনে ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত বিচনাৰ অভাৱ হৈছে । ইফালে ক'ভিডজনিত কাৰণত সংকটজনক অৱস্থালৈ গতি কৰা ৰোগীৰ বাবে ৰাজ্যত ব্যাপক হাৰত অভাৱ হৈছে আইচিইউৰ ।
বৰ্তমান পৰিস্থিতি এনে পৰ্যায়লৈ গতি কৰিছে যে এখন আইচিইউ বিচনাৰ অভাৱত ক'ভিড ৰোগীয়ে তিলতিলকৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে । ৰাজ্যখনত বৰ্তমান প্ৰায় ৩০ হাজাৰ ক'ভিড ৰোগী সক্ৰিয় হৈ থকাৰ বিপৰীতে চৰকাৰী হাস্পতালত ক'ভিড ৰোগীৰ বাবে মাত্র ৮,১৪৯ খন বিচনা আছে । ইয়াৰ ভিতৰত ৭,৭৩৩ খন সাধাৰণ ক'ভিড আইচ'লেচন আৰু অক্সিজেনযুক্ত বিচনা আৰু ৫১৬ খন আইচিইউ ভেণ্টিলেটৰ সুবিধাযুক্ত বিচনা ।
ৰাজ্যৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিয়ে সকলোকে উদ্বিগ্ন কৰি তোলাৰ সময়তে আন এক তথ্যই ভয়াৱহ বিপদৰ আগজাননী দিছে । বৰ্তমান পৰিস্থিতিত আটাইতকৈ উদ্বেগৰ বিষয়টো হ'ল যে ৰাজ্যৰ প্ৰায় ১৪ খন জিলাত ক'ভিড ৰোগীৰ বাবে চৰকাৰী চিকিৎসালয়ত নাই কোনো আইচিইউ বিচনা । আনকি আইচিইউ বিচনাৰ বাবে কোনো ধৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা হোৱা নাই । চৰকাৰ-প্ৰশাসন যন্ত্রটো গুৱাহাটী মহানগৰীকলৈ ব্যস্ত হৈ আছে । গুৱাহাটীত ক'ভিড ৰোগীৰ বাবে ঠায়ে ঠায়ে ক'ভিড কেয়াৰ চেণ্টাৰ গঢ়াত বিশেষ গুৰুত্ব দিয়া হৈছে । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰায় ৪০ শতাংশ জিলা ক'ভিডৰ আইচিইউ বিচনাৰ পৰা বঞ্চিত হৈ আছে ।
উল্লেখ্য যে, দৈনিক দুশৰো অধিক ক'ভিড ৰোগী ধৰা পৰা কোনো কোনো জিলাৰ হাস্পতালত তিনিখন নাইবা পাঁচখন আইচিইউ বিচনা কাগজে-কলমে আছে যদিও সেয়া কাৰ্যক্ষম নহয় । তদুপৰি বহু জিলাৰ অসামৰিক চিকিৎসালয়সমূহৰ আইচিইউ সমূহত ৰোগী থাকিলেও টেকনিচিয়ানৰ অভাৱত ৰোগীয়ে কোনো ধৰণৰ আইচিইউৰ সুবিধা লাভ কৰা নাই ।