গুৱাহাটী, ২৬ জুন :ক'ভিডৰ (Covid) তৃতীয় জোৱাৰৰ (Third wave) বাবে সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । বৰ্তমান সময়ত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা তুলনামূলকভাৱে হ্ৰাস পাইছে ৷ চৰকাৰে ক'ভিড ৰোগীৰ বাবে বহুকেইখন ক'ভিড হাস্পতাল (Covid Hospital) আৰু ক'ভিড কেয়াৰ কেন্দ্ৰ (Covid care centre) সাজু কৰি তুলিছে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) সাজু কৰি তোলা হৈছে ২০০ খন আইচিইউ বিচনাযুক্ত ক'ভিড হাস্পতাল ।

শনিবাৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই হাস্পতালখন পৰিদৰ্শন কৰে । কাম প্ৰায় সম্পূৰ্ণ হোৱা হাস্পতালখন শীঘ্ৰে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি স্বাস্থ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন (NHM) সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক, চিকিৎসা শিক্ষা সঞ্চালক, স্বাস্থ্য বিভাগৰ উপ সচিবৰ সৈতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হৈ মন্ত্রীগৰাকীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ সৈতে ক'ভিড হাস্পতালখন পৰিদৰ্শন কৰি সমগ্ৰ ব্যৱস্থাৱলী নিৰীক্ষণ কৰে । অসমৰ সৰ্ববৃহৎ ৮০ KL যুক্ত LMO সংলগ্ন এই হাস্পতালখনত ৪০ গৰাকী চিকিৎসক তথা ক্ৰিটিকেল কেয়াৰৰ নাৰ্চে অহৰহ চিকিৎসা সেৱা প্ৰদান কৰিব ।